ক'ৰ'নাঃ বি টি চি নিৰ্বাচন বাতিল বা স্থগিত ৰখাৰ অনুৰোধ স্বাস্থ্য বিভাগৰ

মন্ত্ৰী শৰ্মাই উল্লেখ কৰিছে যে ৰাজ্যত সম্প্ৰতি ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি অতি উদ্বেগজনক ৷
ক'ৰ'নাঃ বি টি চি নিৰ্বাচন বাতিল বা স্থগিত ৰখাৰ অনুৰোধ স্বাস্থ্য বিভাগৰ

ৰাজ্যত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ভয়াবহ ৰূপত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আসন্ন বি টি চি নিৰ্বাচন বাতিল বা স্থগিত ৰখাৰ অনুৰোধ জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন স্বাস্থ্য বিভাগে ৷ এই অনুৰোধ জনাই স্বাস্থ্য বিভাগে  ৰাজ্যিক নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ এই পত্ৰ সম্পৰ্কত মন্ত্ৰী শৰ্মাই উল্লেখ কৰিছে যে ৰাজ্যত সম্প্ৰতি ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি অতি উদ্বেগজনক ৷ এনে অৱস্থাত বি টি চি নিৰ্বাচন অনুষ্ঠিত কৰিলে মহামাৰীজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিব ৷

এই সম্পৰ্কত তেওঁ আৰু  কয়, " আগন্তুক বি টি চি নিৰ্বাচন বাতিল অথবা স্থগিত কৰাৰ অনুৰোধ জনাই ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু ৰাজ্যৰ মুখ্য সচিবলৈ স্বাস্থ্য বিভাগে লিখিত পত্ৰ প্ৰেৰণ কৰিছে ৷ পৰহি আমি মুখ্য সচিবক সাক্ষাৎ কৰি নিৰ্বাচন স্থগিত ৰাখি নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰৰ অনুৰোধ জনাওঁ "৷ উল্লেখ্য যে ৰাজ্যত ইতিমধ্যে মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ডেৰ লক্ষৰ সীমা অতিক্ৰম কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com