শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ক'ৰ'না পৰীক্ষাৰ সময় ১৫ছেপ্টেম্বৰলৈ বৃদ্ধি

১৫ দিনৰ বাবে শিক্ষানুষ্ঠানসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা তথা ছেনিটাইজ কৰা কামহে চলিব বুলি মন্ত্ৰী শৰ্মাই সদৰী কৰে ৷
শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ক'ৰ'না পৰীক্ষাৰ সময় ১৫ছেপ্টেম্বৰলৈ বৃদ্ধি

ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাখণ্ডৰ অন্যান্য কৰ্মচাৰীৰ বাবে ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ সময় অহা ১৫ছেপ্টেম্বৰলৈ বৃদ্ধি পাইছে ৷ আজি গুৱাহাটীত এখন সংবাদমেলত শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে ৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে পূৰ্বে ৩১আগষ্টৰ ভিতৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক ক'ৰ'নাৰ নমুনা পৰীক্ষা শেষ কৰিবলৈ কোৱা হৈছিল। কিন্তু সম্প্ৰতি এই সময়সীমা অহা ১৫ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে ৷ তেওঁ লগতে কয়, " শিক্ষকসকলে বাধ্যতামূলক আৰ টি পি চি আৰ পৰীক্ষা কৰাব লাগিব ৷ এয়া এক দীঘলীয়া প্ৰক্ৰিয়া ৷ গতিকে সময়সীমা অহা ১৫ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছে ৷ ইতিমধ্যে যিসকলে এই পৰীক্ষা কৰালে আৰু তেওঁলোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল ৷ তেওঁলোক অহা এক ছেপ্টেম্বৰৰ পৰা কৰ্মস্থলীলৈ যাব পাৰিব" ৷

আনহাতে, অহা এক ছেপ্টেম্বৰৰ পৰা ১৫ দিনৰ বাবে শিক্ষানুষ্ঠানসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা তথা ছেনিটাইজ কৰা কামহে চলিব বুলি মন্ত্ৰী শৰ্মাই সদৰী কৰে ৷ তেওঁ কয় যে এইক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে সহায়ৰ হাত আগবঢ়াব ৷ ইপিনে, কেন্দ্ৰীয় চৰকাৰে জে ই ই আৰু নীট অনুষ্ঠিত কৰিলে ৰাজ্য চৰকাৰে ল'ক-ডাউনৰ নীতি-নিয়ম শিথিল কৰিব বুলি মন্ত্ৰীজনে সংবাদমেলত প্ৰকাশ কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com