সেনা-আৰক্ষীৰ যুটীয়া অভিযানঃ অৰুণাচলৰ চাংলাঙত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

চাংলাঙৰ মিয়াও বাম সংৰক্ষিত বনাঞ্চলত এই অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হয়
সেনা-আৰক্ষীৰ যুটীয়া অভিযানঃ অৰুণাচলৰ চাংলাঙত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

সেনা-আৰক্ষীৰ যুটীয়া অভিযানঃ অৰুণাচল প্ৰদেশৰ চাংলাঙত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ মাজতে সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই চুবুৰীয়া ৰাজ্যখনৰ চাংলাঙৰ এক দুৰ্গম স্থানৰ পৰা উগ্ৰপন্থীৰ এক বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছে ।এক চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে, সেনা-আৰক্ষীৰ এই যৌথ অভিযানত কালি চাংলাঙৰ মিয়াও বাম সংৰক্ষিত বনাঞ্চলত এই অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হয় ৷ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এন এছ চি এন(আই-এম)-ৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে তিনিটা মেগজিনসহ এটা এ কে-৪৭ ৰাইফল, ১১৫জাঁই গুলি, মেগজিনসহ এটা পইণ্ট ২২পিষ্টল, এটা গ্ৰেণেড, এটা আণ্ডাৰ বেৰেল গ্ৰেণেড লন্সাৰ, এক কিলোগ্ৰাম বিস্ফোৰকসহ অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে ৷ সেনা বিষয়াসকলে এই অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰক উগ্ৰপন্থীৰ বাবে মোক্ষম আঘাত বুলি অভিহিত কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com