ক'ৰ'নাৰ প্ৰতিষেধক উদ্ভাৱনত বৃহৎ অগ্ৰগতি ইজৰাইলী চিকিৎসা বিজ্ঞানীৰ

এই এণ্টীবডীয়ে বাহকৰ শৰীৰৰ ভিতৰতে ক'ৰ'না ভাইৰাছক নিষ্ক্ৰীয় আৰু অকামিলা কৰিব পাৰে।
ক'ৰ'নাৰ প্ৰতিষেধক উদ্ভাৱনত বৃহৎ অগ্ৰগতি ইজৰাইলী চিকিৎসা বিজ্ঞানীৰ

শীঘ্ৰেই সমগ্ৰ বিশ্বৰ মানৱজাতিলৈ আহিব পাৰে এক সুখবৰ। ইজৰাইলী চিকিৎসা বিজ্ঞানীৰ দাবী কৰা অনুসৰি তেওঁলোকে ক'ৰ'না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনত বৃহৎ অগ্ৰগতি লাভ কৰিছে। এই সম্পৰ্কত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী নাফটালি বেনেটে কয় য়ে ক'ৱিড-১৯ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এয়া হৈছে এক বৃহৎ সফলতা। মন্ত্ৰীজনে প্ৰকাশ কৰা অনুসৰি ইজৰাইল ইনষ্টিটিউট ফৰ বায়োলজিকেল ৰিচাৰ্ছে এক এণ্টিবডী ( monoclonal neutralising antibody)ৰ বিকাশ সাধন কৰিবলৈ সক্ষম হৈছে। এই এণ্টীবডীয়ে বাহকৰ শৰীৰৰ ভিতৰতে ক'ৰ'না ভাইৰাছক নিষ্ক্ৰীয় আৰু অকামিলা কৰিব পাৰে। অৱশ্যে বৰ্তমানলৈ মানৱ শৰীৰত এই প্ৰতিষেধক বা ভেকচিনৰ প্ৰয়োগ হোৱা নাই। উল্লেখ্য যে কিছুদিন পূৰ্বে বৃটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ে মানুহৰ দেহত কৰালে ক'ৰ'না ভেকচিনৰ প্ৰথমটো পৰীক্ষণ। দুগৰাকী স্বেচ্ছাসেৱকৰ দেহত সম্পন্ন কৰা হয় এই ভেকচিনৰ পৰীক্ষণ।

এই ভেকচিনৰ পৰীক্ষণ সফল হ'লেই বিশ্ববাসীলৈ আহিব পাৰে এক অতি সুখবৰ। ভেকচিন সফল হ'লেই পৰাভূত কৰিব পৰা যাব মহামাৰী কৰ'নাক। প্ৰথম অৱস্থাত এলিছা গ্ৰেণেট' নামৰ এগৰাকী বিজ্ঞানী স্বেচ্ছাসেৱীৰ ওপৰত এই পৰীক্ষণ সম্পন্ন কৰা হয়। এলিছাই এই সম্পৰ্কত মন্তব্য কৰে যে তেওঁ নিজেও এগৰাকী বিজ্ঞানী, গতিকে যিমান দূৰ সম্ভৱ গৱেষণামূলক পৰীক্ষাত সহায় কৰিব বিচাৰে। লগতে এই ভেকচিনৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। আনহাতে, কৰ'নাক লৈ আতংক বৃদ্ধি পোৱাৰ সময়তে মঙলবাৰে টাস্ক ফ'ৰ্চৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বৈঠকত ভেকচিনৰ অগ্ৰগতি, ঔষধৰ সন্ধান, চিকিৎসা পদ্ধতি আদি বিষয়ক লৈ আলোচনা কৰা হয়। আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হয় যে অতি কমেও ৩০ বিধ ভেকচিনক লৈ বিভিন্ন পৰ্যায়ত সন্ধান আৰু গৱেষণা চলি আছে। ইপিনে, দেশত ৫০ হেজাৰৰ ঘৰক স্পৰ্শ কৰিলে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যাই। আজি দেশত ২৯৫৮ নতুকৈ আক্ৰান্ত লোক চিনাক্ত হোৱাত ক'ৱিড-১৯ত আক্ৰান্তৰ সংখ্যা ৪৯,৩৯১জন বৃদ্ধি হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মুঠ আক্ৰান্তৰ ভিতৰত ৩৩,৫১৪ গৰাকী ৰোগী এতিয়াও দেশৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে ১৪,১৮২ গৰাকী আক্ৰান্ত কোভিড১৯ মুক্ত বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com