গুৱাহাটীত ভূ-স্খলনৰ ঘটনাঃ বিশেষ গোট গঠন কৰিব প্ৰশাসনে

সেই সম্পৰ্কীয় দিশ পৰীক্ষাৰ বাবে এটা বিশেষ গোট স্থাপনৰ সিদ্ধান্ত লৈছে।
গুৱাহাটীত ভূ-স্খলনৰ ঘটনাঃ বিশেষ গোট গঠন কৰিব প্ৰশাসনে

গুৱাহাটীত ভূ-স্খলনৰ ঘটনাঃ বিশেষ গোট গঠন কৰিব প্ৰশাসনে

নেৰানেপেৰা বৰষুণৰ ফলত অলপতে গুৱাহাটীৰ এখন স্কুলৰ চাৰিসীমাৰ দেৱাল খহি পৰাত কথমপিহে প্ৰাণৰক্ষা পৰে দুটাকৈ পৰিয়ালৰ। তদুপৰি সৌভাগ্যবশতঃ স্কুল বন্ধ থকাৰ পৰিপ্ৰেক্ষিততহে স্কুলৰ ছাত্ৰ-ছাত্ৰী ক্ষতিসাধনৰ পৰা ৰক্ষা পৰে। আনহাতে, স্কুল কৰ্তৃপক্ষই নিম্ন মানৰ সামগ্ৰীৰে চাৰিসীমাৰ দেৱাল নিৰ্মাণ কৰোৱাৰ অভিযোগ উত্থাপিত হয়। মহানগৰীৰ গীতানগৰৰ এখন স্কুলৰ ক্ষেত্ৰত সংঘটিত এই ঘটনাৰ পাছতে পাঞ্জাবাৰীতো এক ভূ-স্খলনৰ ঘটনা সংঘটিত হয়। সম্প্ৰতি কামৰূপ মহানগৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এনেধৰণৰ ঘটনা কিয় সংঘটিত হৈ আছে, সেই সম্পৰ্কীয় দিশ পৰীক্ষাৰ বাবে এটা বিশেষ গোট স্থাপনৰ সিদ্ধান্ত লৈছে।এই কথা জানিবলৈ দি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এজন জ্যেষ্ঠ বিযয়াই দ্যা ছেণ্টিনেল ডিজিটেলক কয়, " এনেধৰণৰ ঘটনাৱলীৰ কাৰণ নিৰ্ণয়ৰ বাবে আমি এটা বিশেষ গোট গঠন কৰিম। বাৰিষাৰ বৰষুণৰ দিনত পকী দেৱাল অথবা অট্টালিকা খহি পৰাৰ এনে বহু ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। যিহেতু সম্প্ৰতি আমাৰ অধিকাংশ বিষয়া-কৰ্মচাৰী কৰোনা প্ৰতিৰোধৰ কামত নিয়োজিত আছে, গতিকে আমি এনেধৰণৰ বিষয় চোৱাচিতাৰ বাবে এটা সুকীয়া গোট গঠন কৰিম"। এই গোট গঠনৰ প্ৰস্তাৱত অচিৰেই অনুমোদন জনোৱা হ'ব বুলিও বিষয়াজনে সদৰী কৰে।     

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com