ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ৩৭ জন ক'ৰ'না আক্ৰান্ত কামৰূপ(মহানগৰ) জিলাত

কামৰূপ(মহানগৰ)ৰ পাছতে সৰ্বাধিক ক'ৰ'না আক্ৰান্ত আছে হোজাই জিলাত।
ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ৩৭ জন ক'ৰ'না আক্ৰান্ত কামৰূপ(মহানগৰ) জিলাত

ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ৩৭ জন ক'ৰ'না আক্ৰান্ত কামৰূপ(মহানগৰ) জিলাত

অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ৰাজ্যৰ মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা হৈছে ১৯১জন। ইয়াৰে সৰ্বাধিক ৩৭জন হৈছে কামৰূপ(মহানগৰ)জিলাৰ। আজি এখন সংবাদমেলত এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কামৰূপ(মহানগৰ)ৰ পাছতে সৰ্বাধিক ক'ৰ'না আক্ৰান্ত আছে হোজাই জিলাত। জিলাখনত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা হৈছে ২৩জন। আনহাতে, তৃতীয় স্থানত থকা কামৰূপ গ্ৰাম্য জিলাত মুঠ ক'ৰ'না আক্ৰান্ত হৈচে ১৬জন। স্বাস্থ্য মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি কাচাৰ জিলাত ১৪জন, গোলাঘাট জিলাত ১৪জন, নগাঁও জিলাত ১২জন, মৰিগাঁও জিলাত ১০জন,চিৰাঙত পাঁচজন ক'ৰ'না আক্ৰান্ত আছে। আনহাতে, আজিৰ দিনটোত কমেও সাতজন ক'ৰ'না আক্ৰান্তক সুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হয়।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com