দেশত ৩০জুনলৈকে বৃদ্ধি ল'ক-ডাউনৰ ম্যাদ

কণ্টেইনমেণ্ট জ’নৰ বাহিৰৰ অঞ্চলসমূহত পৰ্যায়ক্ৰমে অহা আঠ জুনৰ পৰা কেতবোৰ আৰ্থিক কাম-কাজ পুনৰ মুকলিৰ ইংগিত দিয়া হৈছে
দেশত ৩০জুনলৈকে বৃদ্ধি ল'ক-ডাউনৰ ম্যাদ

দেশত ৩০জুনলৈকে বৃদ্ধি ল'ক-ডাউনৰ ম্যাদ

অহা ৩১মে'ত অন্ত পৰিবলগা তলাবন্ধ বা ল'ক-ডাউনৰ ম্যাদ অহা ৩০জুনলৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে । আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশযোগে ল'কডাউনৰ ম্যাদ অহা ৩০ জুনলৈকে বৃদ্ধি কৰে ৷ অৱশ্যে কণ্টেইনমেণ্ট জ'নৰ বাহিৰৰ অঞ্চলসমূহত পৰ্যায়ক্ৰমে অহা আঠ জুনৰ পৰা কেতবোৰ আৰ্থিক কাম-কাজ পুনৰ মুকলিৰ ইংগিত দিয়া হৈছে গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনাত ৷ এই নিৰ্দেশনাত কোৱা হৈছে যে ৰাজহুৱা উপসনাস্থলী ধৰ্মীয় স্থান, হোটেল-ৰেস্তোৰাঁ আদি পুনৰ মুকলি কৰা হ'ব ৷ শ্বপিং মলো পুনৰ মুকলি কৰা হ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com