গুৱাহাটীত উপস্থিত হোৱা মেঘালয়ৰ লোকৰ বাবে বিশেষ গাড়ীৰ ব্যৱস্থা চাংমা চৰকাৰৰ

এজন লোকে স্ব-গৃহলৈ যোৱাৰ বাবে মেঘালয় চৰকাৰে ব্যৱস্থা গাড়ীৰ ভাড়া আদায় দিব লাগিব ৷ কাইলৈ ১১জুনৰ পৰা এনে গাড়ী উপলব্ধ হ’ব ৷
গুৱাহাটীত উপস্থিত হোৱা মেঘালয়ৰ লোকৰ বাবে বিশেষ গাড়ীৰ ব্যৱস্থা চাংমা চৰকাৰৰ

গুৱাহাটীত উপস্থিত হোৱা মেঘালয়ৰ লোকৰ বাবে বিশেষ গাড়ীৰ ব্যৱস্থা চাংমা চৰকাৰৰ

দীঘলীয়া তলাবন্ধৰ ফলত দেশৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকাৰ পাছত ৰেল আৰু বিমানত আহি গুৱাহাটীত উপস্থিত হোৱা লোকসকল ঘৰলৈ যোৱাৰ বাবে বিশেষ পৰিবহণ ব্যৱস্থা লৈছে কনৰাড চাংমা চৰকাৰে ৷ মেঘালয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি ভাড়া আদায় দি এই লোকসকলে এনে গাড়ীত উঠি ঘৰলৈ যাব পাৰিব ৷ অৰ্থাৎ এনে এজন লোকে স্ব-গৃহলৈ যোৱাৰ বাবে মেঘালয় চৰকাৰে ব্যৱস্থা গাড়ীৰ ভাড়া আদায় দিব লাগিব ৷ কাইলৈ ১১জুনৰ পৰা এনে গাড়ী উপলব্ধ হ'ব ৷ এই কথা সদৰী কৰি মেঘালয় চৰকাৰৰ ৰাজনৈতিক বিভাগে প্ৰকাশ কৰা অনুসৰি এনে গাড়ীত যাত্ৰাৰ বাবে মেঘালয়ৰ এজন লোকে যাত্ৰাৰ ৪৮ঘণ্টাৰ পূৰ্বে টিকট বুক কৰিব লাগিব ৷ কাইলৈৰ পৰা এনে গাড়ীয়ে গুৱাহাটী ৰেল ষ্টেচন আৰু বৰঝাৰ বিমানকোঠৰ পৰা চলাচল কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com