ক'ৰ'না সংকটঃ ২০লাখ কোটি টকাৰ পেকেজ ঘোষণা প্ৰধানমন্ত্ৰীৰ

এই ভাষণৰ সময়তে তেওঁ এই বিপুল ৰাশিৰ ধনৰ পেকেজ ঘোষণা কৰে
ক'ৰ'না সংকটঃ ২০লাখ কোটি টকাৰ পেকেজ ঘোষণা প্ৰধানমন্ত্ৰীৰ

ক'ৰ'না সংকটঃ ২০লাখ কোটি টকাৰ পেকেজ ঘোষণা প্ৰধানমন্ত্ৰীৰ

ক'ৰ'না মহামাৰীয়ে সৃষ্টি কৰা আৰ্থিক মন্দাৰ পৰা দেশবাসীক নিষ্কৃতি দিয়াৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে ৷ ক'ৰ'না মহামাৰী সম্পৰ্কত আজি নিশা ৮বজাত প্ৰধানমন্ত্ৰী দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে ৷ এই ভাষণৰ সময়তে তেওঁ এই বিপুল ৰাশিৰ ধনৰ পেকেজ ঘোষণা কৰে ৷ ভাষণত মোদীয়ে কয় যে এই ধনৰ দেশৰ প্ৰতিজন দৰিদ্ৰ নাগৰিক, প্ৰতিটো ক্ষুদ্ৰ, মজলীয়া আৰু অতি ক্ষুদ্ৰ উদ্যোগ-প্ৰতিষ্ঠানে লাভ কৰিব ৷ এই ধন আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ শীৰ্ষক এক আঁচনিৰ অধীনত মুকলি কৰা হ'ব বুলি মোদীয়ে ঘোষণা কৰে ৷ লগতে তেওঁ এই ভয়ংকৰ সংকটৰ সময়ত দেশবাসীক সংকল্পবদ্ধ হৈ থাকিবলৈ আহ্বান জনাই কয়, "ক'ৰ'নাৰ বিৰুদ্ধে আমাৰ ভাৰতৰ জয় নিশ্চিত ৷ অতীততো ভাৰতে এনে বহু সংকট হেলাৰঙে অতিক্ৰম কৰিছে ৷ মোৰ প্ৰিয় দেশবাসী সংকল্পবদ্ধ হৈ থাকক"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com