যোৰহাটত তিনিজন ক'ৰ'না আক্ৰান্ত চিনাক্তঃ মোককচাং সীমান্ত ছীল নগালেণ্ডৰ

যোৰহাটত তিনিজন ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতে চুবুৰীয়া ৰাজ্যখনৰ প্ৰশাসনে এই সিদ্ধান্ত লয় ।
যোৰহাটত তিনিজন ক'ৰ'না আক্ৰান্ত চিনাক্তঃ মোককচাং সীমান্ত ছীল নগালেণ্ডৰ

যোৰহাটত তিনিজন ক'ৰ'না আক্ৰান্ত চিনাক্তঃ মোককচাং সীমান্ত ছীল কৰিলে নগালেণ্ডে

অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি তথা যোৰহাটত তিনিজনকৈ ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মোককচাং জিলা সীমান্ত ছীল কৰিলে প্ৰতিৱেশী ৰাজ্য নগালেণ্ডে ৷ যোৰহাটত কালি তিনিজন ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতে চুবুৰীয়া ৰাজ্যখনৰ প্ৰশাসনে এই সিদ্ধান্ত লয় । প্ৰাপ্ত তথ্য অনুসৰি নগালেণ্ডে জুতাপেলা আৰু ৱাটিয়ংপাঙত আন্তঃৰাজ্যিক সীমান্ত ছীল কৰিছে। এই কথা ঘোষণা কৰি মোককচাঙৰ জিলা উপায়ুক্ত এল জমিৰে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয়, " যোৰহাট জিলাত তিনিজন ক'ৱিড ৰোগী চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত অসম সীমান্ত ছীল কৰা হৈছে ৷ আন্তঃৰাজ্যিক সীমান্তৰে যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে ৷' ইয়াৰ পূৰ্বে শনিবাৰে নিশা এটা টুইটত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৰহাটত তিনিজন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে ৷ ইয়াৰে দুজন অসমৰ ৷ তেওঁলোকক মহাৰাষ্ট্ৰৰ এজন চালকে এম্বুলেন্সত আনে ৷ তিনিওজন ক'ৰ'না মহামাৰীত আক্ৰান্ত ৷ চালকজনক মহাৰাষ্ট্ৰল পঠিওৱা হৈছে ৷ বাকী দুজন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ তেওঁলোক যোৰহাটত উপস্থিত হোৱাৰ পৰাই জে এম চি এইচত ভৰ্তি হৈ আছে ।আনহাতে, অসমত ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা ৬২জনলৈ বৃদ্ধি পাইছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com