ঋণ পৰিশোধৰ ৰেহাইৰ সীমা আৰু তিনি মাহৰ বাবে বৃদ্ধিৰ দাবী

নেছিয়াই অহা ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনি মাহৰ বাবে ঋণত মৰেটৰিয়াম প্ৰদানৰ দাবী জনাইছে।
ঋণ পৰিশোধৰ ৰেহাইৰ সীমা আৰু তিনি মাহৰ বাবে বৃদ্ধিৰ দাবী

ক'ৰ'না মহামাৰীয়ে জোঁকাৰি পেলোৱাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা আৰ্থিক সংকটক দোহাই ঋণ পৰিশোধৰ ৰেহাইৰ সময়সীমা(মৰেটৰিয়াম) আৰু তিনি মাহ বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰিছে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলে। এনে এক দাবী জনাই উত্তৰ-পূব ক্ষুদ্ৰ উদ্যোগ সংস্থা(নেছিয়া)ই কয় যে এই সময়ত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলৰ বাবে ঋণ পৰিশোধৰ সময়সীমাৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়াৰ প্ৰয়োজন।

সংস্থাটোৱে বিষয়টো কেন্দ্ৰীয় বিত্ত মন্ত্ৰী আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰক বিবেচনা কৰিবলৈ আবেদন জনাইছে। এই কথা সদৰী কৰি নেছিয়াৰ সভাপতি শৈলেন বৰুৱাই কয় যে বিযয়টো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো দৃষ্টিগোচৰ কৰা হৈছে। নেছিয়াই অহা ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনি মাহৰ বাবে ঋণত মৰেটৰিয়াম প্ৰদানৰ দাবী জনাইছে। উল্লেখ্য যে ক'ৰ'না মহামাৰীৰ ৰোধৰ স্বাৰ্থত ঘোষণা কৰা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকললৈ মৰেটৰিয়াম ঘোষণা কৰিছিল। এই মৰেটৰিয়াম বৃদ্ধিৰ বাবে জনোৱা দাবী সম্পৰ্কত নেছিয়াৰ সভাপতি বৰুৱা আৰু সম্পাদকে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com