কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিঃ নতুন নিৰ্দেশনা জাৰি অসম সচিবালয়ৰ

পাঁচ বছৰৰ তলৰ শিশু সন্তান থকা মহিলা কৰ্মচাৰীসকলক কাৰ্যালয়ত উপস্থিত নহ'বলৈ নিৰ্দেশ জাৰি কৰা হৈছে ৷
কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিঃ  নতুন নিৰ্দেশনা জাৰি অসম সচিবালয়ৰ

কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিঃ  নতুন নিৰ্দেশনা জাৰি অসম সচিবালয়ৰ

তলাবন্ধৰ সময়ছোৱাত প্ৰযোজ্য কৰি বিষয়া-কৰ্মচাৰীৰ বাবে এলানি নতুন নিৰ্দেশনা জাৰি কৰিছে অসম সচিবালয়ে ৷ সচিবালয় প্ৰশাসন বিভাগে জাৰি কৰা এই নতুন নিৰ্দেশনা চতুৰ্থ পৰ্যায়ৰ লক-ডাউনৰ সময়ছোৱাত অহা ৩১ মে'লৈকে প্ৰযোজ্য হ'ব ৷ গই নিৰ্দেশনাত উপ-সচিব পৰ্যায়ৰ পৰা উৰ্ধতন সকলো বিষয়াক সকলো কৰ্ম-দিনত কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ৷ এই নিৰ্দেশনাৰ জৰিয়তে সকলো বিভাগৰ সবাতোকৈ জ্যেষ্ঠতম সচিবক কোৱা হৈছে যে এনে এজন আমোলাই বিভাগীয় অবৰ সচিব পৰ্যায়লৈকে সকলো বিষয়াক কাৰ্যালয়ত এৰা-ধৰাকৈ উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰিব লাগিব ৷ অৱশ্যে পাঁচ বছৰৰ তলৰ শিশু সন্তান থকা মহিলা কৰ্মচাৰীসকলক কাৰ্যালয়ত উপস্থিত নহ'বলৈ নিৰ্দেশ জাৰি কৰা হৈছে ৷ একেদৰে গৰ্ভৱতী মহিলা কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে৷ এনে মহিলা কৰ্মচাৰীসকলক যিকোনো মুহূৰ্ততে টেলিফোন বা আন ইলেকট্ৰ'নিক সংযোগ ব্যৱস্থাত উপলব্ধ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ অৱশ্যে এই নিৰ্দেশনালানি অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱা আৰু ক'ৱিড-১৯ৰ বিৰুদ্ধে যুঁজ দি বিষয়া-কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব ৷ এই নিৰ্দেশনাত লগতে কাৰ্যালয়ত সামাজিক দূৰত্ব বৰ্তাই ৰখাটো নিশ্চিত কৰিবলৈ সকলো বিভাগৰ জ্যেষ্ঠতম আমোলাসকলক নিৰ্দেশ দিয়া হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com