ক'ৰ'নাৰ ভয়াবহতাৰ মাজত সুখবৰঃ গুৱাহাটীত মাইক্ৰ'বায়'লজীৰ নতুন পৰীক্ষাগাৰ স্থাপন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংলগ্ন এটা মাইক্ৰ’বায়’লজী পৰীক্ষাগাৰ আই এ এছ এছ টিত স্থাপন কৰা হৈছে ৷
ক'ৰ'নাৰ ভয়াবহতাৰ মাজত সুখবৰঃ গুৱাহাটীত মাইক্ৰ'বায়'লজীৰ নতুন পৰীক্ষাগাৰ স্থাপন

ক'ৰ'নাৰ ভয়াবহতাৰ মাজত সুখবৰঃ গুৱাহাটীত মাইক্ৰ'বায়'লজীৰ নতুন পৰীক্ষাগাৰ মুকলি

অসমতো ক্ৰমে ক'ৰ'না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে এক সুখবৰ! গুৱাহাটীত এটা নতুন মাইক্ৰ'বায়'লজী পৰীক্ষাগাৰ স্থাপন মুকলি কৰা হৈছে ৷ এনে পৰীক্ষাগাৰত থু-খেকাৰ আদি পৰীক্ষাৰ জৰিয়তে বীজাণুৰ সংক্ৰমণ নিশ্চিত কৰা হয়। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ বৰাগাঁওস্থিত ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকন'লজীত এই নতুন মাইক্ৰ'বায়'লজী পৰীক্ষাগাৰ উদ্ধোধন কৰে ৷ এই পৰীক্ষাগাৰৰ জৰিয়তে ক'ৰ'নাৰ নমুনা পৰীক্ষা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। পৰীক্ষাগাৰটো উদ্ধোধন কৰাৰ পাছত এটা টুইটত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, " গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংলগ্ন এটা মাইক্ৰ'বায়'লজী পৰীক্ষাগাৰ গুৱাহাটীৰ বৰাগাঁওস্থিত আই এ এছ এছ টিত স্থাপন কৰা হৈছে ৷ ইয়াৰ জৰিয়তে বৃহৎ পৰিসৰত ক'ৰ'নাৰ নমুনা পৰীক্ষা বৃদ্ধি পাব ৷ এই পৰীক্ষাগাৰ শীঘ্ৰে কাৰ্যক্ষম হ'ব ৷" তেওঁ লগতে কয় যে ক'ৱিড-১৯ৰ নমুনা পৰীক্ষাৰ ক্ষেত্ৰত সম্প্ৰতি অসমে কেৰালাক পিছ পেলাবলৈ সক্ষম হৈছে ৷ ইপিনে, ৰাজ্যত এই পৰ্যন্ত ৬৮৬জন লোক ক'ৰ'নাত আক্ৰান্ত হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com