ক'ৱিড মহামাৰীঃ প্ৰত্যাহ্বান অধিক বৃদ্ধিৰ আশংকা মুখ্যমন্ত্ৰীৰ

আগন্তুক দিনত পৰিস্থিতি অধিক প্ৰত্যাহ্বানজনক হব পাৰে
ক'ৱিড মহামাৰীঃ প্ৰত্যাহ্বান অধিক বৃদ্ধিৰ আশংকা মুখ্যমন্ত্ৰীৰ

ক'ৱিড মহামাৰীঃ প্ৰত্যাহ্বান অধিক বৃদ্ধিৰ আশংকা মুখ্যমন্ত্ৰীৰ

ক'ৱিড-১৯ সৃষ্ট মহামাৰীজনিত পৰিস্থিতিয়ে সৃষ্টি কৰা প্ৰত্যাহ্বান অধিক জটিল হোৱাৰ আশংকা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি গুৱাহাটীত এখন সংবাদমেলত সোণোৱালে কয় যে আগন্তুক দিনত পৰিস্থিতি অধিক প্ৰত্যাহ্বানজনক হব পাৰে। এই মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ আশংকা আছে। কিন্তু তাক লৈ তেওঁ ৰাইজক আতংকিত নহবলৈ আহ্বান জনায়। লগতে তেওঁ সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই সোণোৱালে লগতে কয়, " আমাৰ প্ৰধানমন্ত্ৰীয়ে সংকট মোচনৰ বাবে আগতীয়া পদক্ষেপ গ্ৰহণ কৰিলে। ৰাজ্য চৰকাৰে তলাবন্ধৰ সময়ছোৱাত অসমৰ বাহিৰত আবদ্ধ হৈ পৰা সকলো লোককে সহায় কৰিব"।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com