এশ কোটিক লৈ বিতৰ্কঃ সাংসদ ওজাক প্ৰত্যাহ্বান কাগজ কলৰ কৰ্মীৰ

কেন্দ্ৰই মুকলি কৰি দিয়া এই এশ কোটি টকাৰ শুংসূত্ৰ উলিয়াবলৈ চি বি আই তদন্তও দাবী কৰিছে কাগজ কল দুটাৰ কৰ্মচাৰীসকলে ৷
এশ কোটিক লৈ বিতৰ্কঃ সাংসদ ওজাক প্ৰত্যাহ্বান কাগজ কলৰ কৰ্মীৰ

গুৱাহাটীৰ বিজেপি সাংসদ কুইন ওজাক ওভতি ধৰিছে ৰাজ্যৰ দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকলে ৷ উল্লেখ্য যে সাংসদ ওজাই মন্তব্য কৰিছে যে কাগজকলৰ কৰ্মীসকলৰ ভৱিষ্যনিধি ধনৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে এশ কোটি টকা মোকলাই দিছে ৷ কিন্তু এই ধন কেন্দ্ৰই কেতিয়া মুকলি কৰি দিলে, সেয়া স্পষ্ট কৰিবলৈ কাগজকলৰ কৰ্মীবৃন্দই সাংসদগৰাকীক প্ৰত্যাহ্বান জনাইছে। সাংসদগৰাকীক এই প্ৰত্যাহ্বান জনাই হিন্দুস্তান কাগজ নিগমৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ স্বীকৃতিপ্ৰাপ্ত সংঘই লগতে এই এশ কোটি টকা ক'লৈ গ'ল, তাৰ তথ্যও সাংসদগৰাকীক প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে ৷ তদুপৰি সাংসদগৰাকীয়ে কোৱাৰ দৰে

কেন্দ্ৰই মুকলি কৰি দিয়া এই এশ কোটি টকাৰ শুংসূত্ৰ উলিয়াবলৈ চি বি আই তদন্তও দাবী কৰিছে কাগজ কল দুটাৰ কৰ্মচাৰীসকলে ৷ কাগজকল কৰ্মীসকলৰ জইণ্ট একচন কমিটীৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে সাংসদ ওজালৈ প্ৰেৰণ কৰা এটা ই-মেইলত কয়, " আপোনাৰ প্ৰেছ বিবৃতি সম্পৰ্কত ক'ব বিচাৰিছো যে আপুনি কৈছে যে কাগজ কলৰ কৰ্মচাৰীসকলৰ ভৱিষ্যনিধিৰ বাবদ এশ কোটি টকা কেন্দ্ৰই মুকলি কৰি দিছে ৷ আমি আপোনাক জনাওঁ যে ২০১৫ৰ পৰাই নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ কাটি ৰখা পি এফৰ ধন তেওঁলোকৰ পি এফ একাউণ্টত জমা হোৱা নাই ৷ এয়া কৰ্তৃপক্ষৰ এক গুৰুতৰ অপৰাধ ৷ পি এফৰ ধন হৈছে কৰ্মী শ্ৰেণীয়ে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অৰ্জন কৰা ধন ৷ ইয়ে সামাজিক সুৰক্ষা প্ৰদান কৰে আৰু এয়া আইনগত ব্যৱস্থা ৷ আমাৰ একান্ত বিশ্বাস যে চৰকাৰে এশ কোটি টকা মোকলাই দিয়া নাই। যদি ৰাজকোষৰ পৰা এই ধন মোকলাই দিয়া হৈছে , তেন্তে সেয়া পি এফত জমা হ'ব লাগিছিল। এই ধনৰ অপব্যৱহাৰ হ'ব পাৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com