নিশা গুৱাহাটীত সুৰামত্ত যুৱক-যুৱতীৰ উদ্ভণ্ডালিঃ মুখ্যমন্ত্ৰীৰ কনভয়ত খুন্দিওৱাৰ উপক্ৰম বাহনৰ

কনভয়ত খুন্দা মৰাৰ উপক্ৰম ঘটাৰ পাছতে এখন গাড়ীয়ে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে ৷
নিশা গুৱাহাটীত সুৰামত্ত যুৱক-যুৱতীৰ উদ্ভণ্ডালিঃ মুখ্যমন্ত্ৰীৰ কনভয়ত খুন্দিওৱাৰ উপক্ৰম  বাহনৰ

মাজনিশা গুৱাহাটীত সুৰামত্ত যুৱক-যুৱতীৰ উদ্ভণ্ডালিঃ মুখ্যমন্ত্ৰীৰ কনভয়ত গাড়ীতে খুন্দিওৱাৰ উপক্ৰম দুখন বাহনৰ

ক'ৰ'না মহামাৰীৰ ভয়-আতংকত জনতা ত্ৰস্ত হোৱাৰ সময়তে সুৰাৰ ৰাগীত মাতাল হৈ গুৱাহাটীৰ ৰাজপথত উদ্ভণ্ডালি কৰিলে এটা যুৱক-যুৱতীৰ দলে ৷ যোৱা নিশা দুখন গাড়ীত অহা যুৱক-যুৱতীৰ দলটোৱে স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ৰ গাড়ীত খুন্দিওৱাৰ উপক্ৰম ঘটে৷ স্বাভাৱিকতে এই ঘটনাই বহুতকে হতবাক কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কনভয়ত খুন্দা মৰাৰ উপক্ৰম ঘটাৰ পাছতে এখন গাড়ীয়ে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে ৷

মুখ্যমন্ত্ৰীয়ে দিছপুৰৰ পৰা পল্টনবজাৰ অভিমুখে আহি থকা অৱস্থাত এই অনাকাংক্ষিত ঘটনা সংঘটিত হয়। লগে লগে মুখ্যমন্ত্ৰীৰ কনভয়ৰ নিৰাপত্তাৰক্ষীয়ে উদণ্ড যুৱক-যুৱতীৰ দলটোৰ এখন গাড়ী জব্দ কৰি তিনিজন যুৱক আৰু দুগৰাকী যুৱতীক আটক কৰে ৷

আটকাধীন যুৱক তিনিজন হ'লঃ হৰিশ বৰা,ৰূপম শৰ্মা আৰু নিশান টেৰন ৷

জব্দকৃত গাড়ীখনৰ নম্বৰ হ'লঃ AS-01-BK-0050৷ গাড়ীখন নিশান টেৰনৰ উল্লেখ্য যে গাড়ীখনত ম্যাদ ওকলা বিধানসভা সচিবালয়ৰ পাছ সংলগ্ন আছিল ৷ নিৰাপত্তাৰক্ষীৰ ভাষ্য অনুসৰি যুৱক-যুৱতীকেইগৰাকী সুৰামত্ত অৱস্থাত আছিল ৷ ৷পাছত আৰক্ষীয়ে অভিযুক্তকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১৮৮, ২৭৯, ৩৫৩ আৰু ৩০৭ ধাৰাত গোচৰ ৰুজু কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com