হিমেশ ৰেশমিয়াই মুম্বাইত ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৰাণু মণ্ডলক

এজন ইউটিউবাৰৰ সৈতে হোৱা বাৰ্তালাপত ৰাণু মণ্ডলে কয় যে হিমেশ ৰেশমিয়াই তেওঁক মুম্বাইত এটা ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ।
হিমেশ ৰেশমিয়াই মুম্বাইত ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৰাণু মণ্ডলক

২০১৯ চনৰ আগষ্টত পশ্চিমবংগৰ ৰাণাঘাট ৰেল ষ্টেচনত এক প্যাৰ কা নাগমা হে  শীৰ্ষক চিৰসেউজ গীতটি গোৱাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত ইণ্টাৰনেট চাঞ্চল্য  ৰাণু মণ্ডল নিশাটোৰ ভিতৰতে তাৰকাত পৰিণত হয়। যদি আপুনি আৰম্ভণিৰে পৰা তেওঁৰ যাত্ৰা অনুসৰণ কৰাসকলৰ মাজৰ এজন তেন্তে আপুনি সন্মত হ'ব যে হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলৰ বলীউডৰ সপোনক উৎসাহিত কৰে।

শেহতীয়াকৈ এজন ইউটিউবাৰৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ প্ৰকাশ কৰেয যে হিমেশ ৰেশমিয়াই তেওঁক মুম্বাইত এটা ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু ইয়াৰ আঁৰৰ কাৰণো উল্লেখ কৰিছিল ।

শেহতীয়াকৈ ৰাণাঘাটৰ বেগোপাৰাত থকা ৰাণু মণ্ডলৰ বাসগৃহত উপস্থিত হোৱা ইউটিউবাৰ টোটান ঘোষে এটা ভিডিঅ' আপলোড কৰে, য'ত তেওঁৰ সৈতে হোৱা কথোপকথন দেখুওৱা হৈছে।

ইউটিউবাৰে ৰাণু মণ্ডলক সুধিছিল, "মুম্বাইত আপোনাৰ কি আছে?" এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় প্ৰকৃততে হিমেশ ৰেশমিয়াই মোক কৈছিল যে তেওঁ মোৰ বাবে এটা ফ্লেটৰ ব্যৱস্থা কৰিব কাৰণ যেতিয়াই কোনোবাই মোক মাতিছিল, মই তাত ২-৩দিন থাকিব লাগিছিল। গতিকে, মই সঘনাই তালৈ যাব লগা হৈছিল আৰু ঘূৰি অহাটো যথেষ্ট কঠিন আছিল। সেয়েহে, তেওঁ মোক তাত এটা ফ্লেটৰ প্ৰতিশ্ৰুতি দিছিল য'ত মই থাকিব পাৰোঁ আৰু মোৰ গানৰ দৃশ্যগ্ৰহণ বা ৰেকৰ্ডিং কৰিবলৈ যাব পাৰোঁ।"

ইউটিউবাৰ টোটান ঘোষৰ সৈতে হোৱা কথোপকথনৰ সময়ত, তেওঁ মুম্বাইত খাই ভাল পোৱা বস্তুবোৰৰ বিষয়েও কথা পাতিছিল আৰু যেতিয়া তেওঁক তেওঁৰ গান ৰেকৰ্ডিং কৰিবলৈ মাতি অনা হৈছিল তেতিয়া তেওঁ ক'ত ৰাখিছিল।

এক প্যাৰ কা নাগমা হে ৰ প্ৰদৰ্শন ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত, ৰাণু মণ্ডলক মুম্বাইৰ এটা ৰিয়েলিটি শ্ব'লৈ আমন্ত্ৰণ জনোৱা হৈছিল। অনুষ্ঠানটোত বিচাৰক হিচাপে উপস্থিত হোৱা হিমেশ ৰেশমিয়াই ৰাণুৰ গান গোৱাৰ দক্ষতা ভাল পাইছিল আৰু তেওঁক তেওঁৰ ছবি হেপ্পী হাৰ্ডি আৰু হিৰৰ বাবে গান গাবলৈ অনুৰোধ কৰিছিল। তেৰি মেৰী কাহানি, আশিকী মে তেৰী ২.০ আৰু আদাত হৈছে কিছুমান গান যাক তেওঁ তেওঁৰ কণ্ঠ প্ৰদান কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com