শীঘ্ৰে ৰাজ্যৰ ৬০হেজাৰ খিলঞ্জীয়া পৰিয়াললৈ সোণোৱাল চৰকাৰৰ ভূমিপট্টা

লগতে মাজুলী, তেজপুৰ আৰু বৰপেটাত তিনিটা বানকেন্দ্ৰৰ আধাৰশিলা স্থাপনৰ সিদ্ধান্তও উক্ত বৈঠকত গৃহীত হয় ।
শীঘ্ৰে ৰাজ্যৰ ৬০হেজাৰ খিলঞ্জীয়া পৰিয়াললৈ সোণোৱাল চৰকাৰৰ ভূমিপট্টা

ৰাজ্যৰ ৬০হেজাৰ খিলঞ্জীয়া লোকৰ পৰিয়াললৈ সৰ্বানন্দ সোণোৱাল চৰকাৰে ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত লৈছে ৷ অহা ৫ অক্টোবৰত ৰাজ্য চৰকাৰে এই খিলঞ্জীয়া পৰিয়ালসমূহলৈ ভূমি পট্টা প্ৰদানৰ কাম আনুষ্ঠানিকভাবে আৰম্ভ কৰিব ৷ এই ৬০হেজাৰ পৰিয়ালে ভূমি পট্টা পোৱাৰ লগে লগে ৰাজ্যত ভূমি পট্টা লাভ কৰা পৰিয়ালৰ সংখ্যা ১.৬ লাখ হ'ব ৷ সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ৰাজ্যিক ৰাজহ বিভাগৰ এখন পুনৰীক্ষণ বৈঠকত এই সিদ্ধান্ত গৃহীত হয় ৷

উল্লেখ্য যে ইতিমধ্যে ৰাজ্যৰ ৪৬হেজাৰ খিলঞ্জীয়া পৰিয়ালক সোণোৱাল চৰকাৰে ভূমিপট্টা প্ৰদান কৰিছে ৷ মুখ্যমন্ত্ৰী সোণোৱালে খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদানৰ বাবে সংশ্লিষ্ট জিলাসমূহৰ সকলো মন্ত্ৰী আৰু সাংসদক জড়িত কৰিবলৈ ৰাজহ বিভাগক নিৰ্দেশ দিয়ে ৷ উক্ত সভাত মুখ্যমন্ত্ৰীয়ে কয় যে ব্ৰহ্ম সমিতিৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰে ভূমি নীতি-২০১৯প্ৰস্তুত কৰিছে ৷ আনহাতে, এই সভাত গৃহীত এটা সিদ্ধান্ত হৈছেঃ ক্ষুদ্ৰ চাহ খেতিয়কসকলক যোৰহাটত অনুষ্ঠিতব্য এক অনুষ্ঠানত ভূমিপট্টা প্ৰদান কৰা হ'ব ৷

তদুপৰি বান আৰু খহনীয়াত গৃহহীন লোকৰ পুনৰ সংস্থাপনৰ বাবে এক নীতি প্ৰস্তুতৰ সিদ্ধান্তও সভাত গৃহীত হয় ৷ লগতে মাজুলী, তেজপুৰ আৰু বৰপেটাত তিনিটা বানকেন্দ্ৰৰ আধাৰশিলা স্থাপনৰ সিদ্ধান্তও উক্ত বৈঠকত গৃহীত হয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com