বাহিৰত আবদ্ধ অসমৰ লোকক ঘূৰি অহাত বাধা দিব নোৱাৰে ৰাজ্য চৰকাৰে!

বহিঃৰাজ্যত আবদ্ধ অসমৰ লোকক গৃহলৈ ঘূৰি অহাত ৰাজ্য চৰকাৰে বাধা দিব নোৱাৰে।
বাহিৰত আবদ্ধ অসমৰ লোকক ঘূৰি অহাত বাধা দিব নোৱাৰে ৰাজ্য চৰকাৰে!

বাহিৰত আবদ্ধ অসমৰ লোকক ঘূৰি অহাত বাধা দিব নোৱাৰে ৰাজ্য চৰকাৰে!

তলাবন্ধৰ ফলত বহিৰাজ্যত হৈ থকা অসমৰ মানুহক ঘৰলৈ ঘূৰি অহাত বাধা দিব নোৱাৰে ৰাজ্য চৰকাৰে। উল্লেখ্য যে অসমৰ বাহিৰত আবদ্ধ লোকসকল অসমলৈ ঘূৰি আহিলে ৰাজ্যত কৱিড-১৯ মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰি বহু লোকে ছোচিয়েল মিডিয়াযোগে চৰকাৰক এইসকল লোকক উভতাই আনিবলৈ আহ্বান জনাইছে। এনে সময়তে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বহিঃৰাজ্যত আবদ্ধ অসমৰ লোকক গৃহলৈ ঘূৰি অহাত ৰাজ্য চৰকাৰে বাধা দিব নোৱাৰে। "তলাবন্ধৰ মাজতে অনেক দুখঃকষ্ট সহ্য কৰি বহু লোকে ঘৰলৈ ঘূৰি আহিছে। আমি এইসকল লোকক ঘৰলৈ ঘূৰি অহাত বাধা দিব নোৱাৰো", মন্ত্ৰী শৰ্মাই এইদৰে কয়। ইপিনে, কাইলৈৰ পৰা কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে যাত্ৰীবাহী ৰেল চলোৱাৰ সিদ্ধান্ত লৈছে। এনে ৰেলত যাত্ৰাৰ বাবে আজি বিয়লি চাৰি বজাৰ পৰা টিকট বুকিং কৰিব পাৰিব। মন্ত্ৰী শৰ্মাই বাহিৰৰ ৰাজ্যত আবদ্ধ অসমৰ লোকসকল সম্পৰ্কে অধিক কয় যে এইসকল লোকক কোনো পৰিস্থিতিতে ৰাজ্য চৰকাৰে উভতাই পঠিয়াই নোৱাৰে। আনহাতে,   ইপিনে, অসমত ক'ৰ'না ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি পাইছে। শনিবাৰে যোৰহাটত তিনিজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। ইয়াৰে এজন মুম্বাইৰ লোক। তেওঁক স্ব-গৃহলৈ উভতাই পঠিওৱা হৈছে। আন দুজন যোৰহাট চিকিত্সা মহাবিদ্যালয় হাস্পতালত চিকিত্সাধীন হৈ আছে।

ইপিনে, মহামাৰীৰ ভয়-আতংকই বহুতকে সন্ত্ৰস্ত কৰাৰ বিপৰীতে আন বহু লোকে উলংঘা কৰি ফুৰিছে ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তলাবন্ধৰ নীতি-নিয়ম ৷ অসমৰ গ্ৰীণ জ'ন জিলাসমূহত যোৱা সোমবাৰৰ পৰা তলাবন্ধৰ নীতি-নিয়ম কিছু শিথিল কৰা হয় ৷ এই তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে চাৰি সহস্ৰাধিক লোক ৷ অসম আৰক্ষীয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যত ৪, ২৯৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২৫হেজাৰৰো অধিক যান-বাহন আৰু ৩২খন নাও জব্দ কৰা হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com