ভ্ৰমণৰত পৰ্যটকে থাকিব লাগিব ৩০ দিনঃ বাধ্যতামূলক কৰিলে থাইলেণ্ডে

অসম তথা ভাৰতকে বিশ্বৰ বহু লোকৰ আকৰ্ষণৰ বিন্দু হৈছে বেংকক তথা থাইলেণ্ডৰ পৰ্যটনস্থলীসমূহ।
ভ্ৰমণৰত পৰ্যটকে থাকিব লাগিব ৩০ দিনঃ বাধ্যতামূলক কৰিলে থাইলেণ্ডে

ক'ৰ'না মহামাৰীয়ে ভাঙি পেলোৱা অৰ্থনীতিক পুনৰুদ্ধাৰৰ উদ্দেশ্যে অভিনৱ পন্থা গ্ৰহণ কৰিলে থাইলেণ্ডে।পৰ্যটনকেন্দ্ৰিক অৰ্থনীতি প্ৰধান দেশখনে পৰ্যটকে দেশখনত অন্ততঃ ৩০ দিন থকাটো বাধ্যতামূলক কৰিছে। অৰ্থাত্ যিসকল লোকে দেশখন ভ্ৰমণ কৰিব, সেইসকল লোকে অন্ততঃ ৩০দিন দেশখনত থকাটো বাধ্যতামূলক। এই নিয়ম অহা অক্টোবৰৰ পৰা বলবত হব। অৰ্থনীতিক পুনৰুদ্ধাৰৰ উদ্দেশ্যে থাইলেণ্ড চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে অসম তথা ভাৰতকে বিশ্বৰ বহু লোকৰ আকৰ্ষণৰ বিন্দু হৈছে বেংকক তথা থাইলেণ্ডৰ পৰ্যটনস্থলীসমূহ। পৰ্যটনেই থাইলেণ্ডৰ অৰ্থনীতিৰ মূল স্তম্ভ। কিন্ত ক'ৰ'না মহামাৰীৰ বিশ্বজুৰি ভয়াবহ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত পৰ্যটন উদ্যোগ স্থবিৰ হৈ পৰিছে। ফলত প্ৰচণ্ড সংকটৰ সন্মুখীন হৈছে থাইলেণ্ড চৰকাৰ। শেহতীয়াভাবে থাইলেণ্ডৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উন্নত হৈছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com