গগৈলৈ ৰাজীৱ ভৱনত অগণন কংগ্ৰেছ কৰ্মী, গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলী

নশ্বৰদেহ পোনে পোনে নিয়া হয় গগৈৰ দিছপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ।
গগৈলৈ ৰাজীৱ ভৱনত অগণন কংগ্ৰেছ কৰ্মী, গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলী

কালি বিয়লি জি এম চি এইচত চিকিত্সাধীন অৱস্থাত বিয়োগ ঘটা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আজি  প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অগণন কংগ্ৰেছ নেতা-কৰ্মী আৰু গুণমুগ্ধই শ্ৰদ্ধা জনায়। উল্লেখ্য যে আজি পুৱা ৯-৪০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়। নশ্বৰদেহ পোনে পোনে নিয়া হয়  গগৈৰ দিছপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ।

তাত গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত পোনে পোনে জনতা ভৱনলৈ অনা হয় নশ্বৰ দেহ। তাত সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধা জনোৱাৰ পাছত নশ্বৰ দেহ ৰাজীৱ ভৱনলৈ নিয়া হয় । পাছত তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰে প্ৰদেশ কংগ্ৰেছে। বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হ'ব নশ্বৰ দেহ। আজি নিশা আৰু কাইলৈ দিনটো কলাক্ষেত্ৰত গগৈৰ নশ্বৰ দেহ ৰখাই অহা ২৬ নৱেম্বৰত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com