মেক্সিকোত গেং ৱাৰত ভাৰতীয় মহিলা ভ্ৰমণ ব্ল'গাৰৰ দুৰ্ভাগ্যজনকভাবে মৃত্যু

অঞ্জলি আৰু তেওঁৰ স্বামী উৎকৰ্ষ শ্ৰীবাস্তৱে ২২ অক্টোবৰত ছান জোছৰ পৰা তেওঁৰ ৩০ সংখ্যক জন্মদিন পালন কৰিবলৈ মেক্সিকোলৈ যায়।
মেক্সিকোত গেং ৱাৰত ভাৰতীয় মহিলা ভ্ৰমণ ব্ল'গাৰৰ দুৰ্ভাগ্যজনকভাবে মৃত্যু

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জন্মদিন উদযাপন কৰিবলৈ মেক্সিকো ভ্ৰমণ কৰা কেলিফৰ্ণিয়াস্থিত এগৰাকী ভাৰতীয় বংশোদ্ভূত মহিলা মেক্সিকোলৈ যায়। দুৰ্বাগ্যজনক যে  ২০ অক্টোবৰ, বুধবাৰে মেক্সিকোৰ টুলুমৰ এখন ৰেস্তোৰাঁত দুটা ড্ৰাগছ সৰবৰাহকাৰী দলৰ মাজত হোৱা গুলীচালনাত তেওঁৰ মৃত্যু হয়।

অঞ্জলি ৰয়ট নামৰ মহিলাগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ চান জোছত বাস কৰিছিল।

Californianewstimes.com ৰ বাতৰি অনুসৰি ক্ৰছফায়াৰত জেনিফাৰ হেঞ্জল্ড নামৰ এগৰাকী জাৰ্মান পৰ্যটকৰ সৈতে তেওঁ নিহত হয় ।

অঞ্জলী নামৰ ভ্ৰমণ ব্লগাৰ গৰাকী ২২ অক্টোবৰৰ তেওঁৰ জন্মদিনৰ পূৰ্বে সোমবাৰে টুলুমত উপস্থিত হৈছিল। তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টে তেওঁক ভাৰতৰ হিমাচল প্ৰদেশৰ এগৰাকী ভ্ৰমণ ব্লগাৰ হিচাপে বৰ্ণনা কৰিছে, যি চান জোছত বাস কৰে। অঞ্জলীয়ে জুলাইৰ পৰা লিংকডইনৰ সৈতে এজন জ্যেষ্ঠ ছাইট নিৰ্ভৰযোগ্যতা অভিযন্তা হিচাপে কাম কৰি আছিল। তেওঁ আগতে য়াহুৰ দ্বাৰা নিযুক্ত আছিল।

কি ঘটিছিল ?

স্পেইনৰ বাতৰি কাকত এল পাইছে প্ৰকাশ কৰা অনুসৰি বুধবাৰে নিশা প্ৰায় ১০:৩০ বজাত অঞ্জলি আৰু আন চাৰিজন পৰ্যটক লা মালকুৱেৰিডা ৰেষ্টুৰেণ্টৰ টেৰাছত ভোজন কৰি আছিল যেতিয়া এছল্ট ৰাইফলৰে সজ্জিত চাৰিজন লোকে চৌহদৰ কাষৰ টেবুলত গুলীচালনা কৰিছিল।

বিপথগামী গুলীয়াই পৰ্যটকসকলক আঘাত কৰিছিল। অঞ্জলি আৰু জেনিফাৰ নিহত হৈছিল, আনহাতে জাৰ্মানী আৰু নেডাৰলেণ্ডৰ বাকী তিনিজন আহত হৈছিল। কৰ্তৃপক্ষই কৈছিল যে গুলীবৰ্ষণটো ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰতিদ্বন্দী দলৰ মাজত সংঘৰ্ষ আছিল। অঞ্জলি আৰু তেওঁৰ বন্ধুসকল আনুষঙ্গিক ভুক্তভোগী আছিল।

কুইণ্টানা ৰু ৰাজ্যিক অভিযোজকৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে দুয়োটা গোটে অঞ্চলটোত ড্ৰাগছ বিক্ৰী চলায়।

এছ'চিয়েটেড প্ৰেছৰ প্ৰতিবেদন অনুসৰি মেক্সিকান ৰাজ্যত কেইবাটাও ড্ৰাগছ কাৰ্টেল চলি আছে, যি এক লাভজনক খুচুৰা ঔষধবজাৰৰ বাবে আৰু ড্ৰাগছ ৰপ্তানিৰ বাবে এক গৰম স্থান হিচাপে জনাজাত।

পৰিয়ালটো ভাগি পৰিছে আৰু টুলাম মেয়ৰক সহায়ৰ বাবে অনুৰোধ কৰিছে ।

হিমাচল প্ৰদেশত অঞ্জলীৰ পৰিয়ালটো ভাগি পৰিছিল যেতিয়া তেওঁলোকক অঞ্জলীৰ মৃত্যুৰ বিষয়ে অৱগত কৰা হৈছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com