মুম্বাইত থকা অসমৰ দুজন কৰ্কট ৰোগীৰ শৰীৰত ক'ৰ'নাৰ অৱস্থিতি

মুম্বাইত থকা অসমৰ দুজন কৰ্কট ৰোগীৰ শৰীৰত ক'ৰ'নাৰ অৱস্থিতি

মুম্বাইত থকা অসমৰ দুজন কৰ্কট ৰোগীৰ শৰীৰত ক'ৰ'নাৰ অৱস্থিতি । কিছুদিন পূৰ্বে দিল্লীত ২ জন‌ কৰ্কট ৰোগী আৰু এজন পৰিচাৰকৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছত এইবাৰ মুম্বাইত এনে এক ঘটনা পোহৰলৈ আহিছে। শনিবাৰে মুম্বাইত অসমৰে দুজন‌ কৰ্কট ৰোগীৰ শৰীৰত ধৰা পৰে ক'ৰ'নাৰ উপস্থিতি।

ৰোগী দুজনৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছতে তেওঁলোকক দিল্লী চৰকাৰে অসম ভৱন কৰ্তৃপক্ষক দিয়া নিৰ্দেশ‌ মৰ্মে ৰোগী কেইজনক মুম্বাইত চিকিৎসা কৰি থকা হৈছে।

উল্লেখ্য যে সম্প্ৰতি সমগ্ৰ বিশ্ব ক'ৰ'না মহামাৰীৰ গ্ৰাসত । ভাৰতবৰ্ষতো এই ক'ৰ'নাই ব্যাপক ক্ষতিসাধন কৰিছে । ভাৰতবৰ্ষৰ প্ৰায় ৩৮হেজাৰ লোক এই ভায়াবহ মহামাৰীত আক্ৰান্ত হৈছে। লগতে প্ৰায় ১,২২৩ জন‌ লোকে মৃত্যুবৰণ কৰিছে ।

প্ৰায় ২৬,৫৬৫ জন‌ ব্যক্তি এতিয়াও এই ভাইৰাছৰ‌‌ কবলত আছে৷ আনহাতে, প্ৰায় ১০,০১৭ জন ইতিমধ্যে সুস্থ্ হৈ উঠিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে ২৬.৫২% লোক সুস্থ হৈ উঠিছে।

এই মহামাৰীৰ ফলত শুকুৰবাৰে প্ৰায় ৭১ জন‌ লোকৰ মৃত্যু হয়। শুকুৰবাৰৰ মৃত ব্যক্তি সম্পৰ্কীয় প্ৰতিবেদন অনুসৰি এই মৃত লোক সকলৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ ২৬ জন, গুজৰাটৰ ২২ জন, মধ্যপ্ৰদেশৰ ৮ জন, ৰাজস্থানৰ ৪ জন, কৰ্ণাটকৰ তিনিজন, দিল্লী আৰু উত্তৰ প্ৰদেশৰ দুজনকৈ , আৰু বিহাৰ , হাৰিয়ানা, পঞ্জাৱ,‌তামিলনাডুৰ‌ এজনকৈ ।

১,২২৩ জন‌ মৃত্যু হোৱা লোকৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৮৫ জন‌ আছে ।

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলতো কোৰোনাত আক্ৰান্ত হৈছে বহু কেইজন ব্যক্তি। অসমৰ মুঠ ৪১ জন ।

এই ক'ৰ'না ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ঘোষণা কৰিছিল লকডাউন । দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৩ মে' লৈ আছিল যদিও ইয়াৰ সময়সীমা বৃদ্ধি কৰি ১৭ মে' কৰা হৈছে ।‌

অৱশ্যে ১৭মে'লৈকে বৃদ্ধি কৰা ল'কডাউনত গ্ৰীণ-অৰেঞ্জ জ'নত ৰখা হৈছে কিছু শিথিলতা।‌ কিছুসংখ্যক ৰাজ্যত ক'ৰ'না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অহা তিনি মে'ত অন্ত পৰিবলগীয়া লংক-ডাউনৰ ম্যাদ দুসপ্তাহৰ বাবে বৃদ্ধি কৰিছে ৷শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেতবোৰ ৰাজ্যৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ল'ক-ডাউন দুসপ্তাহ বৃদ্ধিৰ সিদ্ধান্ত লয় ।অৱশ্যে গ্ৰীণ জ'ন আৰু আৰু অৰেঞ্জ জ'নত ক'ৱিড-১৯নীতি-নিয়মাৱলীৰ কিছু শিথিলতা থাকিব । কিন্তু ৰেড জ'নত সম্পূৰ্ণ তলাবন্ধ অহা ১৭ মেলৈকে বলবত থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com