১ জুনৰ পৰা দেশত দুশ অ-বাতানুকুল যাত্ৰীবাহী ৰেল চলাৰ সম্ভাৱনা

পহিলা জুনৰ পৰা চলাবলৈ লোৱা ৰেলসমূহত যাত্ৰাৰ বাবে অনলাইনত টিকট সংৰক্ষণ কৰিব লাগিব ৷
১ জুনৰ পৰা দেশত দুশ অ-বাতানুকুল যাত্ৰীবাহী ৰেল চলাৰ সম্ভাৱনা

১ জুনৰ পৰা দেশত দুশ অ-বাতানুকুল যাত্ৰীবাহী ৰেল চলাৰ সম্ভাৱনা

অহা পহিলা জুনৰ পৰা দেশত দুশ অ-বাতানুকুল যাত্ৰীবাহী ৰেল চলাচল কৰোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতীয় ৰেলৱেই ৷ ভাৰতীয় ৰেলৱেই প্ৰকাশ কৰা অনুসৰি এই ৰেলসমূহ বিশেষ শ্ৰমিক ৰেল হ'ব ৷ তলাবন্ধৰ মাজতে যোৱা ১২মে'ৰ পৰা কিছুসংখ্যক বিশেষ ৰেলসহ শ্ৰমিক বিশেষ ৰেল চলি আছে ৷ অহা পহিলা মে'ৰ পৰা চলাবলৈ লোৱা ৰেলসমূহ অতিৰিক্ত ৰেল হ'ব ৷ এই কথা সদৰী কৰি ভাৰতীয় ৰেলৱেই কয় যে অহা পহিলা জুনৰ পৰা চলাবলৈ লোৱা ৰেলসমূহত যাত্ৰাৰ বাবে অনলাইনত টিকট সংৰক্ষণ কৰিব লাগিব ৷ এই অনলাইন টিকট সংৰক্ষণ ব্যৱস্থা শীঘ্ৰে মুকলি কৰা হ'ব বুলি ৰেলৱেই প্ৰকাশ কৰিছে ৷ অনলাইনত টিকট সংৰক্ষণ কৰাসকলেহে যাত্ৰা কৰিব পাৰিব বুলি ৰেলৱেই স্পষ্ট কৰি দিছে ৷ "কোনো ৰেল ষ্টেচনতে টিকট বিক্ৰী কৰা নহ'ব ৷ ইচ্ছ্যুক যাত্ৰীসকলে অনলাইনত টিকট সংৰক্ষণ কৰিব লাগিব ৷ অন্যথা যাত্ৰাৰ সুযোগ নাপাব ", এক বিবৃতিত ৰেলৱেই এইদৰে প্ৰকাশ কৰিছে । এক তথ্য অনুসৰি যোৱা ১২মে'ৰ পৰা চলাচল কৰা ৰেলত উঠি উত্তৰ-পূবত কমেও পাঁচ হেজাৰ লোক উপস্থিত হয় ৷ ইপিনে, হঠাৎ ঘোষিত তলাবন্ধৰ ফলত দেশত প্ৰব্ৰজিত অগনন শ্ৰমিকে হাহাকাৰ কৰি থকা বুলি বাতৰি প্ৰকাশ পাই আহিছে ৷ তলাবন্ধৰ ফলত জীৱিকাৰ সম্বল হেৰুৱাই উপায়ান্তৰ হৈ অনেক শ্ৰমিকে পদব্ৰজেই ঘৰমুৱা হৈছে ৷ এনেদৰে খোজকাঢ়ি ঘৰমুৱা হওঁতে দুৰ্ঘটনাজনিত কাৰণত শতাধিক শ্ৰমিকৰ অকাল মৃত্যু হৈছে ৷ অলপতে মহাৰাষ্ট্ৰত একাংশ মালবাহী ৰেলে মহটিয়াই নিয়াত কমেও ১৫জন শ্ৰমিকৰ মৃত্যু হয় ৷ এনে এক ঘটনা উত্তৰ প্ৰদেশতো সংঘটিত হয় ৷ এনে হৃদয় বিদাৰক পৰিস্থিতিৰ মাজতে কেন্দ্ৰই শ্ৰমিক বিশেষ ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com