বুকুত সংক্ৰমণঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহক এইমছত ভৰ্তি

কালি তেওঁ এখন ব্যক্তিগত হাস্পতালত বুকুৰ চিটি স্কেন কৰায়। এই স্কেনত তেওঁৰ বুকুত সংক্ৰমণ ধৰা পৰে।
বুকুত সংক্ৰমণঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহক এইমছত ভৰ্তি

কিছুদিন পূৰ্বে শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান(এইমছ)-ত ভৰ্তি কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বুকুৰ সংক্ৰমণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক কালি সোমবাৰে এইমছত ভৰ্তি কৰা হয়। সম্প্ৰতি তেওঁৰ অৱস্থা স্থিৰ হৈ আছে। কালি তেওঁ এখন ব্যক্তিগত হাস্পতালত বুকুৰ চিটি স্কেন কৰায়। এই স্কেনত তেওঁৰ বুকুত সংক্ৰমণ ধৰা পৰে।

উল্লেখ্য যে শেহতীয়াভাবে শ্বাহ ক'ৰ'না নিগেটিভ হয়। ক'ৰ'না পজিটিভ হোৱাৰ পাছত তেওঁ এটা টুইটত কয় যে তেওঁৰ অৱস্থা ভালে আছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com