ভূতৰ ওপৰত দানহ! এফালে ক'ৰ'না, আনফালে গুৱাহাটীত কৃত্ৰিম বান

ক'ৰ'না মহামাৰী আৰু কৃত্ৰিম বানৰ সময়তো স্থানীয় বিধায়কে পৰিস্থিতিৰ বুজ ল'বলৈ অহা নাই।
ভূতৰ ওপৰত দানহ! এফালে ক'ৰ'না, আনফালে গুৱাহাটীত কৃত্ৰিম বান

যেন ভূতৰ ওপৰত দানহ! এফালে ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীৰ বিভীষিকা, আনফালে কৃত্ৰিম বানত হাহাকাৰ মহানগৰৰ বিভিন্ন অঞ্চলত। ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীৰ লগতে মূষলধাৰ বৰষুণৰ ফলত মহানগৰৰ বহুসংখ্যক অঞ্চলত বাট-পথৰ উপৰি মানুহৰ বাসগৃহ ভিতৰতো একাঁঠু পানী ৷ দিছপুৰ সমষ্টিৰ অন্তৰ্গত ডাউন টাউন হাস্পতালৰ পাছফালৰ মথুৰা নগৰ , দ্বাৰকা নগৰ আৰু ৰুক্মিণী নগৰৰ অঞ্চলত একাঁঠু পৰ্যন্ত কৃত্ৰিম বানৰ পানী উঠিছে৷

আনহাতে, ক'ৰ'না মহামাৰী আৰু কৃত্ৰিম বানৰ সময়তো স্থানীয় বিধায়কে পৰিস্থিতিৰ বুজ ল'বলৈ অহা নাই বুলি আজি দ্য ছেণ্টিনেল ডিজিটেলৰ আগত ক্ষোভ প্ৰকাশ কৰে স্থানীয় একাংশ লোকে ৷ স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰে যে কেৱল নিৰ্বাচনৰ সময়তহে বিভিন্ন দলৰ প্ৰাৰ্থীয়ে মিছা প্ৰতিশ্ৰুতি লৈ ৰাইজৰ মাজলৈ আহে ৷ বিগত কিছুদিন ধৰি এই অঞ্চলসমূহ কৃত্ৰিম বানত ডুব গৈ থকাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত অসুবিধা সন্মুখীন হৈছে। আনকি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈও ৰাইজ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱৰা সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com