গুৱাহাটীত ক'ৰ'নাত আক্ৰান্ত হ'ল শাক-পাচলিৰ ব্যৱসায়ী

দেওবাৰে পিছবেলালৈকে শাক-পাচলিৰ বিক্ৰী অব্যাহত ৰাখে ৷ তাৰ পাছতে তেওঁৰ শৰীৰত এই ভাইৰাছ থকাৰ তথ্য পোহৰলৈ আহে ৷
গুৱাহাটীত ক'ৰ'নাত আক্ৰান্ত হ'ল শাক-পাচলিৰ ব্যৱসায়ী

ক'ৱিড-১৯ মহামাৰীক লৈ সৰ্বস্তৰৰ ৰাইজ উৎকণ্ঠিত হৈ থকাৰ সময়তে গুৱাহাটীৰ এজন শাক-পাচলি ব্যৱসায়ীৰ শৰীৰত ধৰা পৰিছে এই অতি সংক্ৰামক ভাইৰাছ। ইয়ে বহুতৰে মনত উদ্বিগ্নতা অধিক বৃদ্ধি কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি মহানগৰীৰ শিলপুখুৰী অঞ্চলত শাক-পাচলি বিক্ৰী কৰা এজন লোকৰ শৰীৰত এই মহামাৰী সৃষ্টিকাৰী ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ যোৱা বৃহস্পতিবাৰে স্বাস্থ্য কৰ্মীয়ে শাক-পাচলি বিক্ৰেতাজনৰ নমুনা সংগ্ৰহ কৰে ৷ কিন্তু তেওঁ নমুনা পৰীক্ষাৰ ফলাফল ওলোৱালৈ অপেক্ষা নকৰি কালি দেওবাৰে পিছবেলালৈকে শাক-পাচলিৰ বিক্ৰী অব্যাহত ৰাখে ৷ তাৰ পাছতে তেওঁৰ শৰীৰত এই ভাইৰাছ থকাৰ তথ্য পোহৰলৈ আহে ৷ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ৷ কাৰণ বহু লোকে তেওঁৰ পৰা শাক-পাচলি ক্ৰয় অব্যাহত ৰাখে ৷ এই লোকসকলে সম্প্ৰতি সংশয়ৰ মাজেৰে সময় অতিবাহিত কৰিছে ৷ ইপিনে, কালিৰ দিনটোতে গুৱাহাটীত ১৯৫জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com