ক'ৰ'না মহামাৰী অন্ত পৰিবলৈ আৰু দুবছৰ লাগিবঃ ঘেব্ৰেয়েছাছ

ক'ৰ'না মহামাৰী অন্ত পৰিবলৈ আৰু দুবছৰ লাগিবঃ ঘেব্ৰেয়েছাছ

বিশ্বৰ পৰা ক'ৰ'না মহামাৰীৰ বিভীষিকা অন্ত পৰিবলৈ আৰু অন্ততঃ দুবছৰৰ প্ৰয়োজন হ'ব। ইয়াৰ আভাস বিশ্ব স্বাস্থ্য সংস্থা(হু)-ৰ মুৰব্বী টেড্ৰছ আধানম ঘেব্ৰেয়েছাছৰ শেহতীয়া ভাষ্যত স্পষ্ট হৈছে। হু-ৰ সঞ্চালক প্ৰধান ঘেব্ৰেযেছাছে শেহতীয়াভাবে মন্তব্য কৰিছে যে দুবছৰৰ ভিতৰত ক'ৰ'না মহামাৰীৰ বিভীষিকা অন্ত পৰিব বুলি তেওঁ আশাবাদী।

১৯১৮-ৰ স্পেনিছ ফ্লু অন্ত পৰিবলৈ দুবছৰৰ প্ৰয়োজন হোৱাৰ কথা উনুকীয়াই হু-ৰ সঞ্চালক প্ৰধান ঘেব্ৰেয়েছাছে জেনেভাত কালি এক সংবাদমেলত কয়, " আজিৰ পৰিস্থিতিত মানুহৰ মাজত প্ৰযুক্তিৰ জৰিয়তে হওক বা আনধৰণেই সংযোগ স্থাপন দ্ৰুততৰ হৈছে। গতিকে ভাইৰাছৰ সংক্ৰমণৰ সুযোগ সৃষ্টি হৈছে। অৱশ্যে প্ৰযুক্তিৰ সহায়ত বিশ্ব সম্প্ৰদায়ে এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে"। এই মহামাৰী সৃষ্টিকাৰী ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্ব সম্প্ৰদায়ক ঐক্যবদ্ধভাবে যুঁজ দিবলৈ আহ্বান জনাই হু-ৰ সঞ্চালক প্ৰধানজনে লগতে কয় যে ক'ৰ'না ভাইৰাছৰ সংহাৰ দুবছৰৰ ভিতৰত অন্ত পৰিব বুলি তেওঁ আশাবাদী।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com