মাজ নিশা জুবীনক গুৱাহাটীৰ ৰাজপথত আক্ৰমণৰ ভাবুকি দুৰ্বৃত্তৰ

যোৱা নিশা এটা ছয়-সাতজনীয়া দুৰ্বৃত্তৰ দলে তেওঁক বীয়েৰৰ বটলেৰে আক্ৰমণৰ ভাবুকি দিয়ে।
মাজ নিশা জুবীনক গুৱাহাটীৰ ৰাজপথত আক্ৰমণৰ ভাবুকি দুৰ্বৃত্তৰ

কাৰ্ফিউ চলি থকাৰ সময়তে মাজনিশা দুৰ্বৃত্তৰ আক্ৰমণৰ ভাবুকিৰ সন্মুখীন হ'ল জনপ্ৰিয় সংগীত শিল্পী জুবীন গাৰ্গ। স্বয়ং মহানগৰীতে শিল্পীগৰাকীক এটা ছয়-সাতজনীয়া দলে ৰাজপথত আক্ৰমণৰ ভাবুকি দিয়ে। শিল্পীগৰাকীয়ে আৰক্ষীক দিয়া গোচৰ অুনসৰি গুৱাহাটীৰ গণেশমন্দিৰ অঞ্চলত যোৱা নিশা এটা ছয়-সাতজনীয়া দুৰ্বৃত্তৰ দলে তেওঁক বীয়েৰৰ বটলেৰে আক্ৰমণৰ ভাবুকি দিয়ে। দুৰ্বৃত্তৰ দলটো এ এছ-০১ বি ৱাই-০৬৭৫ নম্বৰৰ এখন গাড়ীত আহিছিল।

গাড়ীখনৰ গৰাকী হীৰক ৰাজবংশী নামৰ এজন লোক। ঘটনাটো আশী গ্ৰেণ্ড নামৰ এটা এপাৰ্টমেণ্টৰ সন্মুখত সংঘটিত হয়। আনহাতে, ঘটনাৰ প্ৰত্যক্ষদৰ্শী শংকৰ মালাকাৰে জনোৱা মতে, নিশা কেইজনমান যুৱকে জুবিনৰ সৈতে তৰ্কাতৰ্কি কৰিছিল। পাছত ঘটনা সন্দৰ্ভত জুবীনে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।  জুবীনে ষ্টুডিঅৰ পৰা জু-ৰোডৰ ছীনাৰ্জী এপাৰ্টমেণ্টস্থিত বাসভৱনলৈ যাত্ৰা কৰি থকাৰ সময়ত দুৰ্বৃত্তৰ দলটোৰ ভাবুকীৰ সন্মুখীন হয়।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com