দলগাঁৱত জালত পৰিল দল হৰিণ চিকাৰীৰ দল

ধৃত চোৰাংচিকাৰীজনে জেৰাত প্ৰকাশ কৰা তথ্যৰ বনৰক্ষীয়ে আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷
দলগাঁৱত জালত পৰিল দল হৰিণ চিকাৰীৰ দল

ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ বনাঞ্চলত দল হৰিণ হত্যা কৰি মাংস বিক্ৰী কৰা এটা চাৰিজনীয়া দল দৰঙৰ দলগাঁৱত জালত পৰিছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰক্ষীৰ দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই প্ৰথমে দলগাঁৱৰ বাগৰিবাৰী গাঁৱৰ পৰা এজন দল হৰিণা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে ৷

বনৰক্ষীয়ে তেওঁৰ পৰা কিছু পৰিমাণৰ দল হৰিণৰ মাংস উদ্ধাৰ কৰে ৷ ধৃত চোৰাংচিকাৰীজনে জেৰাত প্ৰকাশ কৰা তথ্যৰ বনৰক্ষীয়ে আন তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত চাৰিজনীয়া দলটো হৈছে মহম্মদ নিজামুদ্দিন আলী, মহম্মদ নেকবৰ আলী, মহম্মদ আকবৰ আলী আৰু মহম্মদ আলী ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com