পানেৰীত কন্যা শিশুক ধৰ্ষণ ৫০ বছৰীয়া ব্যক্তিৰ, গ্ৰেপ্তাৰ

মাক কামৰ পৰা ঘৰলৈ অহাৰ পাছত শিশুটিয়ে মাকৰ আগত সকলো কথা বিৱৰি কয় ৷
পানেৰীত কন্যা শিশুক ধৰ্ষণ ৫০ বছৰীয়া ব্যক্তিৰ, গ্ৰেপ্তাৰ

এগৰাকী ১০ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগত ওদালগুৰি জিলাৰ পানেৰীত গ্ৰেপ্তাৰ হৈছে এজন ৫০ বছৰীয়া ব্যক্তি ৷ দীপক মাহাতো নামৰ এই লোকজনে শিশুটিক ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ঘটনা সংঘটিত হোৱাৰ সময়ত ভুক্তভোগীৰ পিতৃ-মাতৃ আনদিনাৰ দৰে কামলৈ ওলাই গৈছিল ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ মাহাতুৱে শিশুটিক ফুচুলাই বিকৃত কামনা চৰিতাৰ্থ কৰে ৷

মাক কামৰ পৰা ঘৰলৈ অহাৰ পাছত শিশুটিয়ে মাকৰ আগত সকলো কথা বিৱৰি কয় ৷ শিশুটিয়ে মাকক জনোৱা মতে, মাহাতোৱে তেওঁক ২০ টকা দিয়াৰ প্ৰলোভন দি ধৰ্ষণ কৰে ৷ পাছত শিশুটিক পিতৃ-মাতৃয়ে ঘটনাৰ বিষয়ে আদিবাসী ছাত্ৰ সন্থাৰ স্থানীয় সমিতিক জনোৱাৰ উপৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে । আনহাতে, আদিবাসী ছাত্ৰ সন্থাই দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com