কৰ্ম-সংস্কৃতিঃ বৰপেটাত চৰকাৰী কৰ্মচাৰীয়ে নিতৌ দিব লাগিব কৰ্ম-খতিয়ান

কৰ্ম-সংস্কৃতিঃ বৰপেটাত চৰকাৰী কৰ্মচাৰীয়ে নিতৌ দিব লাগিব কৰ্ম-খতিয়ান

উপায়ুক্তই বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক তেওঁলোকৰ অধীনৰ কৰ্মচাৰীসকলক প্ৰতিদিনে কৰ্ম-খতিয়ান দাখিলৰ বাবে নিৰ্দেশ দিয়ে।

অসমত দীৰ্ঘদিন ধৰি চৰ্চিত হৈ অহা চৰকাৰী কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ বিষয়টোৱে সম্প্ৰতি এক নতুন মাত্ৰা পাইছে ৷ বৰপেটাৰ জিলা উপায়ুক্তই জিলা চৰকাৰী কৰ্মচাৰীসকলক প্ৰতিদিনে কৰ্ম-খতিয়ান (ডেইলী ৰিপ'ৰ্ট) দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ উপায়ুক্ত তেজ প্ৰতাপ ঘোষালে এই সিদ্ধান্ত গ্ৰহণ কৰে জিলা উন্নয়ন সমিতিৰ এখন সভাত ৷ প্ৰাপ্ত তথ্য অনুসৰি উক্ত সভাত উপায়ুক্তই জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক তেওঁলোকৰ অধীনৰ কৰ্মচাৰীসকলক প্ৰতিদিনে কৰ্ম-খতিয়ান দাখিলৰ বাবে নিৰ্দেশ দিবলৈ নিৰ্দেশনা দিয়ে। আনহাতে, কৰ্মস্থলীত উপস্থিত থাকিও কাম নকৰা কৰ্মচাৰীসকলক আন কামত নিয়োজিত কৰিবলৈও উপায়ুক্তই জিলা মুৰব্বী বিষয়াসকলক নিৰ্দেশ দিয়ে ৷

বৰপেটাৰ উপায়ুক্তই গ্ৰহণ কৰা এই ব্যৱস্থা ৰাজ্যৰ আন জিলাসমূহেও গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ৷ বহুজনে উপায়ুক্তৰ এই পদক্ষেপক প্ৰশংসা কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com