কোকৰাঝাৰত হোম কোৱাৰেণ্টিনত থকা ক'ৱিড আক্ৰান্তৰ মৃত্যু

ৰাজকুমাৰ বসুমতাৰী নামৰ ব্যক্তিজনৰ শৰীৰত যোৱা পাঁচ ছেপ্টেম্বৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷
কোকৰাঝাৰত হোম কোৱাৰেণ্টিনত থকা ক'ৱিড আক্ৰান্তৰ মৃত্যু

গৃহত আছুতীয়াকৈ থকা বা হোম কোৱাৰেণ্টিনত থকা কোকৰাঝাৰৰ এজন ক'ৰ'না আক্ৰান্ত ব্যক্তি মৃত্যুমুখত পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি চেঁচাপানীৰ ৰাজকুমাৰ বসুমতাৰী নামৰ ব্যক্তিজনৰ শৰীৰত যোৱা পাঁচ ছেপ্টেম্বৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ তাৰ পাছত তেওঁ হোম কোৱাৰেণ্টিনত থাকিবলৈ লয় ৷

হোম কোৱাৰেণ্টিনত থকা অৱস্থাতে আজি তেওঁৰ মৃত্যু হয় ৷ ইয়াৰ লগে লগে কোকৰাঝাৰত ক'ৰ'নাত মৃতৰ সংখ্যা ১৮জনলৈ বৃদ্ধি পাইছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com