বেংক একাউণ্ট খোলাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ ধিঙৰ শিক্ষকৰ

একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰা অনুসৰি শিক্ষক বাহাৰুলে তেওঁলোকৰ পৰা ৪০০-৫০০টকাকৈ সংগ্ৰহ কৰে ৷
বেংক একাউণ্ট খোলাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ ধিঙৰ  শিক্ষকৰ

বেংক একাউণ্ট খোলাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ধিঙৰ এখন হাই মাদ্ৰাছাৰ এজন শিক্ষকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি ধিঙৰ কান্ধুলীমাৰী খৈৰামাৰী হাই মাদ্ৰাছাৰ শিক্ষক বাহাৰুলে বেংক একাউণ্ট খুলি দিয়াৰ নামত একাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা ৪০০-৫০০টকা সংগ্ৰহ কৰে ৷

এনেদৰে অবৈধভাবে ছাত্ৰ-ছাত্ৰীৰ পৰা শিক্ষকজনে ধন সংগ্ৰহ কৰাক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰা অনুসৰি শিক্ষক বাহাৰুলে তেওঁলোকৰ পৰা ৪০০-৫০০টকাকৈ সংগ্ৰহ কৰে ৷

অৱশ্যে শিক্ষকজনে এই অভিযোগ নাকচ কৰি কয় যে কোনো দালালে তেওঁৰ নাম ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰিব পাৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com