দলঙৰ তলত পুতি থোৱা অৱস্থাত অপহৃত কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ

কেঁচুৱাটিৰ পৰিয়ালে এই মুক্তিপন আদায় নিদি ততাতৈয়াকৈ আৰক্ষীৰ দ্বাৰস্থ হয়।
দলঙৰ তলত পুতি থোৱা অৱস্থাত অপহৃত কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ

এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে কাচাৰত। কিছুদিন পূৰ্বে অপহৃত হোৱা এটি পাঁচমহীয়া কেঁচুৱাৰ মৃতদেহ এখন দলঙৰ তলত উদ্ধাৰ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ঘৰৰ পৰাই দুৰ্বৃত্তই কিছুদিন পূৰ্বে ধ্ৰুৱজ্যোতি নাথ নামৰ এই শিশুটিক অপহৰণ কৰে।

পাছত অপহৰণকাৰীয়ে কেঁচুৱাটিৰ পৰিয়ালৰ লোকক ১০ লাখ টকাৰ মুক্তিপণ দাবী কৰে। কিন্তু কেঁচুৱাটিৰ পৰিয়ালে এই মুক্তিপন আদায় নিদি ততাতৈয়াকৈ আৰক্ষীৰ দ্বাৰস্থ হয়। ইয়াৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অৱশেষত তদন্তকাৰী আৰক্ষীয়ে কেঁচুৱাটিৰ মৃতদেহ এখন দলঙৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com