জাগীৰোডত ছহেজাৰ জোপা এজাৰ গছৰ পুলি ৰোপন মন্ত্ৰী হাজৰিকাৰ

ৰোপন কৰা এজাৰ পুলিসমূহৰ চোৱাচিতাৰ দায়িত্ব অৰ্পণ কৰিছে সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তাসকলক।
জাগীৰোডত ছহেজাৰ জোপা এজাৰ গছৰ পুলি ৰোপন মন্ত্ৰী হাজৰিকাৰ

গৃহ সমষ্টি জাগীৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভাজকত ছহেজাৰ জোপা এজাৰ গছৰ পুলি ৰোপণ কৰিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই।

সমষ্টিটোৰ অন্তৰ্গত ৪০ কিলোমিটাৰ ৰাজপথৰ বিভাজকত এই ৬০০০ এজাৰ গছৰ পুলি ৰোপণ কৰিছে হাজৰিকাই। মন্ত্ৰীজনে জাগীৰোড সমষ্টিৰ অন্তৰ্গত কঁহিকুছিৰ পৰা আঁহতগুৰিলৈকে সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথ ছোৱাৰ ডিভাইডাৰৰ মাজত ৰোপণ কৰিছে এই গছ পুলিবোৰ।

এই সম্পৰ্কত মন্ত্ৰীজনে সাংবাদিকক কয় যে এবাৰ চৰকাৰী কামত হাফলঙলৈ যাওঁতে তেওঁ পথৰ কাষত থকা শাৰী শাৰী এজাৰ গছ দেখি আপ্লুত হৈছিল।এই এজাৰ গছবোৰে তেওঁক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। তেতিয়াই তেওঁ গৃহ সমষ্টিৰ সমগ্ৰ ৰাজপথত এজাৰ গছ ৰোপণেৰে ৰাজপথছোৱাৰ সৌন্দৰ্য বৃদ্ধিৰ পৰিকল্পনা কৰে। কিন্তু ব্যস্ততাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। সেয়ে সম্প্ৰতি ক'ৰ'না মহামাৰীৰ ব্যস্ততাৰ মাজতো তেওঁ সমষ্টিৰ প্ৰতিখন পঞ্চায়তৰ দলীয় কৰ্মীক লগত লৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।

ৰোপন কৰা এজাৰ পুলিসমূহৰ চোৱাচিতাৰ দায়িত্ব অৰ্পণ কৰিছে সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তাসকলক। মন্ত্ৰী হাজৰিকাৰ মতে, যিহেতু প্ৰতিবছৰেই কাজিৰঙালৈ যথেষ্ট সংখ্যক বিদেশী পৰ্যটকৰ আগমন ঘটে। সেয়েহে তেওঁৰ সমষ্টিৰ অন্তৰ্গত এই ৰাজপথ ছোৱাত এজাৰ গছে পৰ্যটকসকলকো আকৰ্ষিত কৰিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com