অপহৃত শিশুক উদ্ধাৰ ৰেলৱে আৰক্ষীৰ, অপহৰণকাৰী ধৃত

অপহৰণকাৰীজন অৰুণাচল প্ৰদেশৰ নামচাইৰ বুলি ৰেল আৰক্ষীৰ সূত্ৰই জনায় ৷
অপহৃত শিশুক উদ্ধাৰ ৰেলৱে আৰক্ষীৰ, অপহৰণকাৰী ধৃত

অলপতে এজন লোকে অপহৰণ কৰা এটি ন বছৰীয়া শিশুক উত্তৰ-পূব সীমান্ত ৰেলৱে আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি অপহৰণকাৰীজনে শিশুটিক লৈ এখন ৰেলত উঠি ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰিবলৈ চেষ্টা কৰোঁতে ৰেল আৰক্ষীয়ে তেওঁক ধৰা পেলায় ৷

অপহৰণকাৰীজন অৰুণাচল প্ৰদেশৰ নামচাইৰ বুলি ৰেল আৰক্ষীৰ সূত্ৰই জনায় ৷ সম্প্ৰতি তেওঁক আৰক্ষীয়ে জিম্মাত ৰাখিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com