গোৱালপাৰাত সংহাৰী বানত উটি গ'ল ছাত্ৰ

ৰংজুলি-টিপলাই গড়কাপ্টানী পথেৰে পাৰ হ’বলৈ লওঁতেই পানীৰ তীব্ৰ সোঁতে উটুৱাই নিলে দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনক
গোৱালপাৰাত সংহাৰী বানত উটি গ'ল ছাত্ৰ

ৰাজ্যত বানৰ সংহাৰী ৰূপ অব্যাহত আছে৷ গোৱালপাৰাতো বানৰ সংহাৰ অব্যাহত ৰাখিছে। এই বানত জিলাখনৰ টিপলাইত বুধবাৰে এজন ছাত্ৰ উটি যায়। প্ৰাপ্ত তথ্য অনুসৰি বাঢ়নী পানীত ডুব যোৱা ৰংজুলি-টিপলাই গড়কাপ্টানী পথেৰে পাৰ হ'বলৈ লওঁতেই পানীৰ তীব্ৰ সোঁতে উটুৱাই নিলে দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনক৷ ছাত্ৰজন টিপলাই ভকতপাৰাৰ অপূৰ্ব দাস৷ তেওঁ পানীত উটি যোৱাৰ লগে লগে হুৱাদুৱা লাগে অঞ্চলটোত৷ স্থানীয় ৰাইজে বহু সময় ধৰি উদ্ধাৰ অভিযান চলায় যদিও কালি উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ছাত্ৰজনক৷  এই বানত ৰাজ্যৰ বিভিন্ন স্থানত ধন-জনৰ প্ৰচুৰ ক্ষতি হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা গঁডকে ধৰি বহুসংখ্যক বন্যপ্ৰাণীও মৃত্যুমুখত পৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com