বাঘজান তৈল ক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাতঃ চৌদিশে আতংক

এই তৈল ক্ষেত্ৰত যোৱা ২৭মে’তো এক ভয়াবহ অধিকাণ্ডৰ সূত্ৰপাত ঘটিছিল।
বাঘজান তৈল ক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাতঃ চৌদিশে আতংক

বাঘজান তৈল ক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাতঃ চৌদিশে আতংক

বাঘজান তৈলক্ষেত্ৰত পুনৰ সূত্ৰপাত ঘটা এক ভয়ংকৰ অগ্নিকাণ্ডই বৃহত্তৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ তিনিচুকীয়া জিলাৰ অন্তৰ্গত বাঘজানৰ তৈল ক্ষেল্ৰৰ পাঁচ নম্বৰ খাদত  আকস্মিকভাৱে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ অইল ইণ্ডিয়া নিগমৰ অধীনৰ এই তৈল ক্ষেত্ৰত যোৱা ২৭মে'তো এক বিধ্বংসী অধিকাণ্ডৰ সূত্ৰপাত ঘটিছিল। এই অগ্নিকাণ্ডৰ ফুটেজত জুয়ে ভয়াৱহ ৰূপ লোৱা দেখা গৈছে ।উল্লেখ্য যে ২৭মে'ৰ অগ্নিকাণ্ডৰ ফলত তৈলক্ষেত্ৰখনৰ পৰা প্ৰচুৰ তেল আৰু গেছ নিৰ্গত হয়। ইয়াৰ লগে লগে স্থানীয় ৰাইজক ঘটনাস্থলীৰ পৰা নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হয়। 

আনহাতে, কালি ৮জুনত অইল ইণ্ডিয়া লিমিটেডে এক বিবৃতিত কয় যে তৈলক্ষেত্ৰখনৰ পৰা নিৰ্গত তেল আৰু গেছৰ ফুটা মৰাৰ চেষ্টা কৰা হৈছে ৷ দেশ-বিদেশৰ বিশেষজ্ঞ আহিছে ৷ দুলীয়াজানত অইলৰ এখন বিশেষ সভাও অনুষ্ঠিত হৈছে ৷ ইপিনে, ছিংগাপুৰৰ এটা বিশেষজ্ঞৰ দলো উপস্থিত হয় ৷ এই বিশেষজ্ঞসকল হৈছে ছিংগাপুৰস্থিত মেছাৰ্ছ ডিজেষ্টাৰ কণ্ট্ৰ'লৰ ৷ অইল ইণ্ডিয়াৰ অনুৰোধ মৰ্মে প্ৰতিষ্ঠানখনে প্ৰেৰণ কৰা বিশেষজ্ঞৰ দলটোত আছে মাইকেল আৰ্ণেষ্ট (জ্যেষ্ঠ খাদ বিশেষজ্ঞ), ক্ৰেইগ নেল ডানকান(খাদ নিয়ন্ত্ৰণ অভিযন্তা) আৰু এডৱাৰ্ড হেৰিছ মেকল'ড ( জ্যেষ্ঠ খাদ নিয়ন্ত্ৰণ বিশেষজ্ঞ) ৷ ইতিমধ্যে অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াবৰ্গই বিশেষজ্ঞ দলটোৰ সৈতে আলোচনাত মিলিত হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com