অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ ভাবুকি

ৰাজ্যখনৰ ১৯খন বন্যপ্ৰাণী অভয়াৰণ্যৰ একাংশৰ বাবে বেদখলকাৰীয়ে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে
অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ ভাবুকি

গুৱাহাটীঃ ৰাজ্যৰ ১৯খন বন্যপ্ৰাণী অভয়াৰণ্যৰ একাংশৰ বাবে বেদখলকাৰীয়ে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। বেদখলৰ ফলত বন্যপ্ৰাণীৰ বাসস্থান ভয়ংকৰভাৱে সংকুচিত হৈছে। বুৰা চাপৰি, লাওখোৱা, আমচাং, বৰনদী, নামবৰ, চক্ৰশিলা, বাৰৈল আদি বন্যপ্ৰাণী অভয়াৰণ্যত বেদখলকাৰীৰ কৱলত।চৰকাৰী সূত্ৰ অনুসৰি কেৱল বুঢ়া চাপৰিতে প্ৰায় ৫ হাজাৰ বিঘা মাটি বেদখল হৈ আছে। অভয়াৰণ্যখনত ব্যাপক উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে বন বিভাগ আৰু জিলা প্ৰশাসন। পিচিচিএফ-বন্যপ্ৰাণী (প্ৰধান মুখ্য বন সংৰক্ষক) এম কে যাদৱে কালি শীৰ্ষ বিষয়াৰ সৈতে অভয়াৰণ্যখন পৰিদৰ্শন কৰি বেদখলৰ বুজ লয়।চৰকাৰী সূত্ৰ অনুসৰি বুৰা চাপৰি অভয়াৰণ্যৰ অন্তৰ্গত লাঠিমাৰী চৰ, জেয়ালি সৰ, বাঘাটাপুৰ চৰ আদি নগাঁও আৰু মৰিগাঁও জিলাৰ পৰা অহা এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ অবাধ বেদখল। অভয়াৰণ্যখন নগাঁও বন সংমণ্ডল আৰু তেজপুৰ সদৰ চক্ৰত অৱস্থিত। চৰকাৰে ১৯৭৪ চনত বুৰা চাপৰি সংৰক্ষিত বনাঞ্চল আৰু ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে।ইয়াৰ আয়তন প্ৰায় ৪৪ বৰ্গ কিলোমিটাৰ।চৰকাৰী সূত্ৰ অনুসৰি চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰে যদিও বেদখলকাৰীৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাত বিৰত থাকে। ইয়াৰ ফলত ওচৰতে বাস কৰা লোকসকলে বনাঞ্চলৰ মাটি লাহে লাহে আৰু অবিৰতভাৱে বেদখল কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com