ধৰ্ষণত বাধা পাই যুৱতীক ব্লেডেৰে ৰেপ দিলে যুৱকে, উত্তম-মধ্যম ৰাইজৰ

ইণ্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিঅ’ত যুৱকজনক একাংশ লোকে উত্তম মধ্যম শোধোৱাৰ দৃশ্য দেখা গৈছে ৷
ধৰ্ষণত বাধা পাই যুৱতীক ব্লেডেৰে ৰেপ দিলে যুৱকে, উত্তম-মধ্যম ৰাইজৰ

এজন যুৱকে এগৰাকী যুৱতীৰ ঘৰত নিশা অনাধিকাৰ প্ৰৱেশ কৰি যুৱতীগৰাকীক ধৰ্ষণৰ অপচেষ্টা চলায় ৷ যুৱতীগৰাকীয়ে তেওঁক বাধা দিয়া যুৱকজনে ভুক্তভোগীক ব্লেডেৰে ৰেপ দিয়ে। যুৱতীগৰাকীৰ ভ্ৰাতৃয়ে এই কথা জানিব পাৰি যুৱকজনক কৰায়ত্ত কৰে ৷ পাছত তেওঁক স্থানীয় ৰাইজে বান্ধি লৈ উত্তম মধ্যম শোধায় ৷ ইণ্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিঅ'ত যুৱকজনক একাংশ লোকে উত্তম মধ্যম শোধোৱাৰ দৃশ্য দেখা গৈছে ৷

ভিডিঅ'টোত দেখিবলৈ পোৱা মতে, যুৱতীগৰাকীয়ে অভিযোগ কৰিছে নিশা যুৱকজনে তেওঁৰ কোঠাত প্ৰৱেশ কৰা দেখি তেওঁ চিঞৰে ৷ তেতিয়া যুৱকজনে তেওঁৰ মুখত সোপা দি অপকৰ্ম চৰিতাৰ্থ কৰাৰ চেষ্টা চলায় ৷ তেনে সময়তে তেওঁৰ ভ্ৰাতৃ কোঠাত প্ৰৱেশ কৰি যুৱকজনক কৰায়ত্ত কৰে ৷

উদণ্ড প্ৰকৃতিৰ যুৱকজনে যুৱতীগৰাকী কলেজলৈ অহা-যোৱা কৰাৰ পথতো তেওঁলৈ অশালীন বাক্যবাণ প্ৰয়োগ কৰে ৷ আনহাতে, স্থানীয় এজন লোকে প্ৰকাশ কৰা অনুসৰি যুৱকজনে এগৰাকী পলুৱাই আনি বিয়াও পাতিছিল ৷ যুৱকজনক জনৈক ৰণ কুমাৰ বিশ্বাস বুলি চিনাক্ত কৰা হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com