ভাৰতৰ হৈ ২০০ খন মেচত নেতৃত্ব প্ৰদান কৰি অভিলেখ ধোনীৰ

ভাৰতৰ হৈ ২০০ খন মেচত নেতৃত্ব প্ৰদান কৰি অভিলেখ ধোনীৰ
Published on

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সকলোতকৈ সফল অধিনায়ক জন হৈছে মহেন্দ্ৰ সিং ধোনী , নামেই যাৰ পৰিচয়। ডুবাইত অনুস্থিত হৈ থকা এছিয়া কাপত ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলক আফগানিস্তানৰ বিৰুদ্ধে পুনৰ নেতৃত্ব দিলে এম এছ ধোনীয়ে । উল্লেখযোগ্য যে ৫০ অভাৰৰ খেলত ২০০ খন খেলত অধিনায়কত্ব কৰা ধোনী হৈছে ভাৰতৰ প্ৰথম আৰু বিশ্বৰ তৃতীয় গৰাকী ক্ৰিকেটাৰ । ২০১৭ চনৰ জানুৱাৰী মাহত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অধিনায়কৰ দায়িত্ব এৰিছিল ধোনীয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com