প্ৰতিজন ব্যক্তিয়ে সন্মান সহকাৰে জীয়াই থাকিব পোৱাটো এক অধিকাৰ । কিন্তু আমাৰ সমাজত কিছুমান এনেকুৱা লোকো উপস্থিত আছে যিসকলক মানুহে ভাল দৃষ্টিৰে চান নোখোজে । কলকতাৰ চহৰত গলী সমূহৰ এনে বহু ধৰনৰ উদাহৰন দেখিব নাইবা শুনিব পোৱা যায় । এনে কিছুমান এলেকা আছে য'ত প্ৰতিদিনাই কিমান মহিলা যুবতীয়ে অপব্যৱহাৰ অসন্মান লগৰ লৈ মৰি মৰি জীয়াই আছে । এনে পৰিস্থিতত জীয়াই থাকিবলৈ মহিলা সকলে ভয় কৰে অথবা কিছুমানে নলবলগীয়া পথ বাচি লব লগা হৈ পৰে । আনহাতে,এনে কিছুমান মহিলা-যুৱতী আছে যিসকলে সাহস কৰি জীৱনত আগবাঢ়ি যাবলৈ বিচাৰে,মুকলি আকাশত উৰিবলৈ বিচাৰে । ঠিক আমাৰ আজিৰ কাহিনীভাগ এনে এগৰাকী ছোৱালীৰ যাৰ জন্ম হয় কলকতাৰ ৰেড লাইট এলেকাত । কিন্তু জীৱনত কিবা এটা কৰি দেখুওৱাৰ বাবে এনে অঞ্চলৰ পৰা ওলাই আহে আৰু সেই ধৰনৰ এলেকাত বাস কৰা অন্য যুৱতী তথা ছোৱালীৰ বাবে উদাহৰন হৈ পৰে ।
আজিৰ কাহিনীভাগ হৈছে কলকতাৰ ৰেড লাইট এলেকাত জন্ম গ্ৰহন কৰা উমা দাসৰ বিষয়ে ।পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নাছিল বাবে উমাক পৰিয়ালৰ লোকে ১৬বছৰ বয়সতে বিয়া দিছিল । উমাৰ স্বামীয়ে উমাক একেবাৰে ভাল ব্যৱহাৰ কৰা নাছিল আৰু কিছুদিনৰ পিছত উমাই এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে ।পুত্ৰ জন্ম হোৱাৰ পিছৰে পৰা উমাৰ ওপৰত আৰু অত্যাচাৰ বাঢ়িব ধৰিলে । সেয়ে উমাই নিজৰ গিৰীয়েকৰ ওচৰৰ পৰা আতৰি বেলেগে থকাৰ সাহস কৰি সিদ্ধান্ত গ্ৰহন কৰিলে আৰু চাৰি বছৰৰ কঠিন পৰিস্থিতিৰ অন্তত পুত্ৰক নিজৰ কষ্টাডীত পাবলৈ সক্ষম হয় । এই পৰিস্থিতিৰ সময়ত উমাৰ বয়স ১৯বছৰ আছিল আৰু সেই সময়তে উমাৰ চকুৰ সন্মুখতে যৌনকৰ্মী(সেক্স ৱাৰ্কাৰ) এগৰাকীয়ে গ্ৰাহকৰ সৈতে পইচাকলৈ ৰ্তক-বিৰ্তক কৰি থকাৰ বাবে জীৱন্তে জ্বলাই দিয়াৰ ঘটনা সংঘটিত হোৱা দেখিব পাইছিল ।আৰু সেই সময়ৰ পৰাই উমাই অতি সাহসী আৰু কঠোৰ হ'বলৈ সিদ্ধান্ত ল'লে ।
উমাই মত প্ৰকাশ কৰা অনুসৰি; "উমাৰ মাকক এখন বেশ্যালয়ত বিক্ৰী কৰি দিছিল আৰু সেই ঠাইতে উমাৰ জন্ম হয় । সৰুৰ পৰা ডাঙৰ হোৱালৈ সমস্ত জীৱনত উমাই যুৱতী সকলৰ মনত,চকুত এক ভয় দেখা পাইছিল । আৰু তাই সেয় ভয় কৰিব বিচৰা নাছিল" ।
উমাই সাহস দেখুওৱাই ৰেড লাইট এলেকাৰ পৰা ওলাই আহি উমাই নিজৰ প্ৰতিভাৰ অন্তত এগৰাকী প্ৰতিভাৱান ডাঞ্ছ শিক্ষক হ'বলৈ সক্ষম হ'ল ।ইমানে নহয় ২৫বছৰীয়া উমাই আজি নিজৰ ভৰিত থিয় হ'ব পৰাৰ লগতে বংগালৰ ৰাজধানী কলকতা চহৰৰ ৰেড লাইট এলেকাৰ মুশীগঞ্জত চেনিটেৰী নেপকিন বনোৱা কামো সঞ্চালন কৰে । বৰ্তমান সময়ত উমাক ৰেড লাইট এলেকাৰ সকলো ল'ৰা-ছোৱালীয়ে উমা দীদী বুলি সম্বোধন কৰে আৰু লগতে মুশীগঞ্জত বাস কৰা মহিলা সকলৰ বাবে এক আশাৰ কিৰন য'ত দেহ ব্যৱসায়ৰ বহু আগত সন্মান সহকাৰে জীৱন জীয়াই থাকিবলৈ প্ৰেৰনা দিয়ে । উমাই বহু কেইবিধ নৃত্য শিকে আৰু যাৰ জৰিয়তে উমাই আজিৰ সময়ত মুভমেণ্ট থেৰাপিৰ ব্যৱহাৰ কৰি পৰামৰ্শ,মনোবৈজ্ঞানিক পুৰ্নবাস,আত্ম অভিশক্তি আৰু বৈকল্পিক দৃষ্টিকোন ৰূপত কাম কৰে ।
উমাই মত প্ৰকাশ কৰা মতে,"উমাই সদায়ে ডাঞ্ছ কৰিব বিচাৰিছিল আৰু নৃত্যই তাইৰ জীৱনৰ এক এৰাব নোৱাৰা অংশ । উমাই বহু ছোৱালীক ডাঞ্ছ শিকাই আৰু চেনিটেৰী পেড বনোৱাৰ কামো কৰে । ছোৱালী সকলক বেগ জোতা বনোৱাও শিকোৱা হয় " ।
উমাই নিজৰ প্ৰতিভাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ সন্মান বঢ়াবলৈ সক্ষম হৈছে । ইয়াৰোপৰি আমেৰিকাৰ বিদেশ মন্ত্ৰী হিলেৰী কিল্টেন আৰু আমেৰিকাৰ অভিনেতা এশাল জুদেও উমাৰ প্ৰতিভাক প্ৰশংসা কৰিছে । উমাই বিচাৰে ৰেড লাইট এলেকাত থকা সকলো ছোৱালী-যুৱতীয়ে সন্মান সহকাৰে জীৱন জীয়াবৰ বাবে অধিকাৰ লাভ কৰিব পাৰে ।
সঁচাই উমাই যি কৰি আছে সেয়া কেৱল সাহসৰ ফলত । উমাৰ প্ৰতিটো সময়তে জীৱন মৰনৰ ভয় হৈ থাকে,বহু লোকে দাবি ধমিক দি থকাৰ পিছতো উমাই নিজৰ জীৱনৰ লক্ষ্যক স্থিৰ কৰি লৈ আগবাঢ়ি গৈ আছে ।