Begin typing your search above and press return to search.

শ্বাহৰুখ খানৰ সকলো বিজ্ঞাপনৰ সম্প্ৰচাৰ বন্ধ কৰাৰ সিদ্ধান্ত বাইজু"ৰ

ড্ৰাগছ সম্বন্ধীয় কেছত পুত্ৰ আৰ্য়ান আটক হোৱাৰে পৰা জীৱন তল - ওপৰ হৈ পৰা পৰিলক্ষিত হৈছে অভিনেতা শ্বাহৰুখ খানৰ।

শ্বাহৰুখ খানৰ সকলো বিজ্ঞাপনৰ সম্প্ৰচাৰ বন্ধ কৰাৰ সিদ্ধান্ত বাইজুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2021 9:39 AM GMT

অনন্য প্ৰকল্প সহ নতুন ছবি "পাঠান"ৰ দৃশ্যগ্ৰহণৰ কামো অনিদিষ্ট কাললৈকে স্থগিত ৰাখিছে অভিনেতা শ্বাহৰুখ খানে। ঠিক একে সময়তে "বাইজু" শিক্ষামূলক এপৰ এটি নিৰ্মম সিদ্ধান্তই সকলোৱে আচৰিত কৰি তুলিছে। পুত্ৰ ড্ৰাগছ সম্বন্ধীয় গোচৰত আটক হোৱাৰ পাছতেই "বাইজু"য়ে অভিনেতা শ্বাহৰুখ খান সম্বন্ধীয় সকলো বিজ্ঞাপন সম্প্ৰচাৰ কৰা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

পিছে এপ টোৰ এনে সিদ্ধান্তত দৃহভাৱে কৰ্কথনা প্ৰকাশ কৰিছে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা নকুল মেহতাই।

খবৰ অনুসৰি এপটোৰ শ্ৰোতাসকলৰ প্ৰতিক্ৰিয়াৰ প্ৰতি নিজৰ ৰাখি এনে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে "বাইজু"ৰ কৰ্তিপক্ষ। বহু লোকৰ অনুসৰি, যিজন ব্যক্তিয়ে নিজৰ পুত্ৰক ভাল শিক্ষা প্ৰদান কৰিব নোৱাৰিলে তেঁওৰ প্ৰতিচ্ছবিয়ে এপটোৰ বাবেও পৰবৰ্তী সময়ত বিপদ মাটি আনিব পাৰে।

"বড়ে‌ আচ্ছে লগতে হে"ৰ অভিনেতা নকুল মেহতাই "বাইজু"ৰ এই সিদ্ধান্তত সচ্যৰত্মক ভাবে কৰ্কথনা কৰিছে। ছোচিয়েল মিডিয়াত তেওঁ লিখিছে, "এই পদক্ষেপ গ্ৰহণ কৰিছে এজন মন্ত্ৰীয়ে, যাৰ নিজ পুত্ৰ হত্যাৰ গোচৰত অভিযুক্ত ! ক্লাছ, বাইজুৰ"।



আৰু পঢ়িব পাৰেঃ বলীউডৰ নতুন প্ৰেমিক যুটিক শুভেচ্ছা বহু অভিনেতা-অভিনেত্ৰীৰ https://assamese.sentinelassam.com/মনোৰঞ্জন/bollywood-celebrities-congratulate-rakul-preet-singh-and-jackey-bhagnani-558613?infinitescroll=1

Next Story