ভাইৰেল ভিডিঅ'ৰ ভিত্তিত এজাহাৰ ৰুজু কমেডিয়াম বিৰ দাসৰ বিৰুদ্ধে
অনুষ্ঠানৰ যোগে অভিনেতা গৰাকীয়ে মুকলিমুৰিয়াকৈ প্ৰকাশ কৰিছিল দেশখনে যুঁজি থকা ভিন্ন সমস্যা বিষয়ে

ষ্টেণ্ড-আপ কমেডিয়ান বিৰ দাসৰ বিৰুদ্ধে দিল্লীৰ টিলক মাৰ্গ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে নতুন দিল্লীৰ এগৰাকী নিবাসীয়ে, নাম আদিত্য ঝা।
এই এজাহাৰৰ দ্বাৰা কমেডিনায়ন গৰাকীৰ বিৰূদ্ধে ভাৰতৰ হকে নিম্ন খাপৰ মন্তব্য তথা ভাৰতৰ প্ৰতিচ্ছবিত অন্তৰ্ঘাত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, অভিনেতা গৰাকীৰ বিৰুদ্ধে মুম্বাই আৰক্ষী থানাত আশুতোষ ডুবেই নামৰ অন্য এগৰাকী উকীলে এজাহাৰ দাখিল কৰিছে। উকীল গৰাকীয়ে অভিনেতা গৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ কাৰণ আহ্বান জনাইছে।
ঘটনাক্ৰমে "জন এফ কেন্নেডী চেণ্টাৰ, পাৰফর্মিং আৰ্টছৰ বাবে" আমেৰিকাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্ৰদৰ্শন কৰিছিল অভিনেতা বিৰ দাসে। এই অনুষ্ঠানৰ যোগে অভিনেতা গৰাকীয়ে মুকলিমুৰিয়াকৈ প্ৰকাশ কৰিছিল দেশখনে যুঁজি থকা ভিন্ন সমস্যা যেনে কৃষকৰ আন্দোলন, ধৰ্ষণ, ক'ৰণা মহামাৰীৰ বিৰুদ্ধে চলি থকা যুঁজৰ পৰা শেহতীয়াকৈ কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ বিৰুদ্ধে চলি থকা ব্যংগাত্মক কথা সমূহৰ বিষয়ে। অৱশ্যে সকলোৰে দৃষ্টগোচৰ হৈছিল এই হাস্যৰত্মক কথা সমূহৰ আঁৰেৰে অভিনেতা গৰাকীয়ে ভাৰত চৰকাৰলৈ নিক্ষেপ কৰি মন্তব্য কৰা উক্তিসমূহ।
যোৱা মঙ্গলবাৰে অভিনেতা গৰাকীয়ে টুইটাৰ যোগে এই বিষয় অনুসৰি নিজৰ মন্তব্য প্ৰকাশ কৰে। তেওঁক সকলোকে তেওঁৰ বক্তৃতাৰ পৰা কোনো ধৰণৰ সাৰ্থক বিহীন উক্তি বিশ্বাস কৰাৰ পৰা দূৰত থাকিবলৈ আৰু লগতে ভিডিঅ' টোত কিছু এডিট কৰি মিলোৱা দৃশ্যাংশ বিশ্বাস নকৰিবলৈ অনুৰোধ জনাইছে। অভিনেতা গৰাকীয়ে কয় যে, "ইউটিউব যোগে মই শ্বেয়াৰ কৰা এটি ভিডিঅ' ত বহুতো লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই ভিডিঅ' ৰ যোগে প্ৰকাশ পায় দুখন ভাৰতৰ বিষয়ে, যিয়ে দুটি ভিন্ন ধৰণে কাম কৰে। অন্য কোনো ৰাষ্ট্ৰৰ দৰে ভাৰততো পোহৰ আৰু আন্ধাৰ দুয়োটাই আছে, ভাল আৰু বেয়া দুয়োটাই আছে। ইয়াত লুকুৱাব লগীয়া কোনো কথা নাই"।
ইয়াৰ লগতে তেওঁ কয় যে, "ভিডিঅ' টোত মই উল্লেখ কৰিছোঁ যে আমাৰ মহানন্ত্বতা খিনিৰ বিষয়ে আমি কেতিয়াও পাহৰি যোৱা উচিত নহয়। যিয়ে আমাক মহান কৰি তোলে আমি তাৰ প্ৰতি সদায়ে ধ্যান দিয়া উচিত। আৰু এই ভিডিঅ' ৰ পৰিসমাপ্তি ঘটে সেই দেশখন যাক আমি ভাল পাওঁ তাৰ কাৰণে দেশপ্ৰেমৰ সৈতে বজোৱা এজাউৰি হাত চাপৰিৰ সৈতে। বাতৰিৰ শিৰোনামাত প্ৰকাশ পোৱাৰ উপৰিও আমাৰ দেশত আৰু বহু কিছু আছে, বহুত সৌন্দৰ্য্যতা আছে। আৰু সেইয়াই কাৰণ আছিল এই ভিডিঅ' টোৰ আৰু সেই হাত চাপৰি খিনিৰ"।
দিনটোৰ আগ ভাগত অভিনেতা গৰাকীক তেওঁৰ মন্তব্য যে, "ভাৰতীয় পুৰুষে দিনৰ ভাগত মহিলাক সন্মান কৰে আৰু ৰাতি দলবদ্ধ ধৰ্ষণ কৰে" টোৰ কাৰণে গুৰুত্বৰ ভাৱে নিন্দা কৰে।
"যেতিয়া তুমি সকলো ভাৰতীয় পুৰুষক ধৰ্ষণ কাৰী হিচাপে একত্ৰিত কৰা সিয়ে বৰ্ণবাদক জন্ম দিয়ে, লগতে পৃথিৱীৰ ভিন্ন দেশত বসবাস কৰা ভাৰতীয় পুৰুষ সকলৰ বিৰূদ্ধে এক নেতিবাচক মন্তব্য প্ৰকাশ কৰে। বেংগল দুৰ্ভিক্ষৰ সময়ত চূৰ্চিলে মন্তব্য কৰিছিল যে, "ভাৰতীয় সকলে শহাপহুৰ দৰে বংশবৃদ্ধি কৰে, তেওঁলোকে এনেদৰে মৰাটো যোগ্য"। তেওঁ ভাৰতীয় সকলক শাৰীৰিক মিলনৰ ইচ্ছাক, ভোকত মৰাৰ কাৰণ হিচাপে পৰিগণিত কৰিছিল। এনে ধৰণৰ মন্তব্য সমূহে উগ্ৰবাদৰ চিন্তা সমূহক জন্ম দিয়ে। এনে ধৰণৰ লুক সকলক শাস্তি বিহা উচিত। @বিৰদাস, কংগনাই লিখে।
আৰু পঢ়ক : কাহিলীপাৰাৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যা