Begin typing your search above and press return to search.

কাৰ্যালয়ত কৰ্মচাৰীয়ে ফোন চাৰ্জ কৰা বৰ্জন কৰিলে এগৰাকী মালিকে

কাৰ্যালয়ত নিজৰ মোবাইল ফোন চাৰ্জ কৰাৰ পৰা বৰ্জন কৰা হৈছে কৰ্মচাৰী সকলক

কাৰ্যালয়ত কৰ্মচাৰীয়ে ফোন চাৰ্জ কৰা বৰ্জন কৰিলে এগৰাকী মালিকে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2021 10:38 AM GMT

নিজৰ ওপৰৱালাক পছন্দ কৰা কোনো কৰ্মচাৰী যে এই পৃথিৱীত আছে এই কথা অতিকৈ সন্দেহজনক। দুয়োৰে মাজত এই সম্বন্ধ সাদিশ্য টিভি চিৰিয়েল সমূহত দেখিবলৈ পোৱা চাহু আৰু বোৱাৰীৰ দৰে। দুয়ো ইজনে আন জনৰ অবিহনে থাকিব নোৱাৰে কিন্তু ঠিক একে সময়তে এজনে আনজনৰ সৈতে থাকিবও নোৱাৰে।

অবশ্য ব্যক্তিগত খণ্ডৰ সমূহত বিশেষকৈ এই ধৰণৰ সমস্যা সমূহ এক পক্ষীয় ৰূপে দেখিবলৈ পোৱা যায়, য'ত ওপৰৱালৰ মেজাজক লৈ বহু সময়ত বিৰক্ত হয় কৰ্মচাৰী সকল। এই খণ্ড সমূহত বহু সময়ত প্ৰত্যক্ষ কৰা হয় ওপৰৱালাৰ কিছু নাভ্ৰুত- নাশ্ৰুত কাণ্ড। ঠিক একে ধৰণৰ এক ঘটনা ইণ্টাৰনেট যোগে অতিকৈ ভাইৰেল হৈ পৰিছে।

চচিয়েল মিডিয়া ৱেবচাইট ৰেড্ডিতৰ যোগে শেহতীয়াকৈ সম্প্ৰচাৰ হোৱা এটি পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়া ভাৱে এটি ব্যক্তিগত খণ্ডৰ এগৰাকী বছে জাৰী কৰা নিয়মাৱলী পঢ়ি বিবুদ্ধিত কৰিছে খণ্ডটোৰ কৰ্মচাৰী সকল।

এই আদেশ অনুসৰি, কাৰ্যালয়ত নিজৰ মোবাইল ফোন চাৰ্জ কৰাৰ পৰা বৰ্জন কৰা হৈছে কৰ্মচাৰী সকলক।

আদেশ অনুসৰি, "কোনো লোকে নিজৰ মোবাইল ফোন বা অন্য কোনো বৈদ্যুতিক যন্ত্ৰ কাৰ্য্যালয়ত চাৰ্জ কৰিব নোৱাৰিব। এই কাৰ্য্যক বিদ্যুতৰ চুৰি হিচাপে পৰিগণিত কৰা হ'ব। যদিহে কোনো লোকে এনে কাম কৰে তেন্তে তেওঁলোকৰ বেতন কটা যাব। কাৰ্য্যালয়ৰ সময়ৰ সকলোৱে নিজৰ ফোন বন্ধ কৰি ৰাখিব লাগিব।"

এই পোষ্টটোৱে চচিয়েল মিডিয়া যোগে সম্প্ৰচাৰ পুৱাৰ পাছতে বহুতো লোকে খণ্ডটোৰ বছ গৰাকীৰ উপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বহুতো লোকৰ অনুসৰি কৰ্মচাৰী সকলে কাৰ্যালয়ত সময়ৰ উপৰিও কাম কৰিব নালাগে, কিয়নো ইওঁ এক প্ৰকাৰ বিদ্যুতৰ ভুল ব্যৱহাৰ।

কিছু দিন আগেয়ে চচিয়েল মিডিয়া যোগে ভাইৰেল হৈছিল এখন পষ্টাৰ, যিয়ে কৰ্মচাৰী সকলক অতিকৈ আঘাত কৰিছিল। এই বিশেষ পষ্টাৰ খনত দেখিবলৈ পোৱা গৈছিল জেলত বৌদ্ধ এগৰাকী ব্যক্তিক। মনপলী বোৰ্ড গেমছৰ এই পষ্টাৰ খনৰ যোগে বছ গৰাকীয়ে ক'ব বিচাৰিছিল যে, কৰ্মচাৰী সকলৰ জীৱনত কি চলি আছে তাক লৈ কোনো চিন্তিত নহয়, তেওঁলোকে মাত্ৰ কঠোৰ পৰিশ্ৰম কৰি যাব লাগে।


আৰু পঢ়ক: ডিব্ৰুগড় বিমানবন্দৰত আহি উপস্থিত অভিনেতা সঞ্জয় দত্ত


Next Story
চাকৰি