Begin typing your search above and press return to search.

সাৰস্বত কো-অপাৰেটিভ বেংক লিমিটেডত তিনিশ কনিষ্ঠ বিষয়া নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

সাৰস্বত কো-অপাৰেটিভ বেংক লিমিটেডত তিনিশ কনিষ্ঠ বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Dec 2021 3:13 PM GMT

সাৰস্বত কো-অপাৰেটিভ বেংক লিমিটেডৰ বিষয়েঃ


সাৰস্বত কো-অপাৰেটিভ বেংক লিমিটেড হৈছে মহাৰাষ্ট্ৰৰ মুম্বাইত মুখ্য কাৰ্যালয় অৱস্থিত এটা নগৰ সমবায় বেংক প্ৰতিষ্ঠান। ১৯১৮-ৰ পৰা এই বেংকে কাম কৰি আহিছে। এই বেংকৰ প্ৰতিষ্ঠাপকসকল আছিল জে কে পাৰুলকাৰ (অধ্যক্ষ), এন বি ঠাকুৰ (উপাধ্যক্ষ), পি এন ৱাৰ্ডে (সচিব) আৰু শিৱৰাম গোপাল ৰাজাধ্যক্ষ (কোষাধ্যক্ষ। ১৯৮৮-ত ভাৰতীয় ৰিজাৰ্ভ বেংকে স্বাৰস্বত কো-অপাৰেটিভ বেংক লিমিটেডত অনুসূচিত বেংকৰ স্বীকৃতি প্ৰদান কৰে।

এই সমবায় বেংকেই হৈছে ভাৰতৰ প্ৰথমটো সমবায় বেংক, যিয়ে পণ্য বেংক সেৱা আগবঢ়াইছিল।

২০০৮-ত এই বেংকে এটা নতুন লগো মুকলি কৰে। ইয়াৰ দ্বাৰা এই বেংকে সকলোকে সামৰি লোৱাৰ মূল লক্ষ্য পুনৰ দোহাৰে।২০১১-ত ভাৰতীয় ৰিজাৰ্ভ বেংকে সাৰস্বত কো-অপাৰেটিভ বেংক লিমিটেডক সমগ্ৰ দেশত কাম কৰাৰ অনুমতি প্ৰদান কৰে। এই সমগ্ৰ দেশত শাখা স্থাপন কৰাৰ এটা অভিলাসী লক্ষ্য লৈছে। ইয়াৰ জৰিয়তে ইয়ে ইয়াৰ ব্যৱসায় আগন্তুক কিছু বছৰত ১ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য লৈছে।

২০২ৰ ৩১ মাৰ্চলৈকে ৬ খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, গুজৰাট, মধ্য প্ৰদেশ, কৰ্ণাটক, গোৱা আৰু দিল্লীক সামৰি এই বেংকৰ ২৮৪টা কম্পিউটাৰযুক্ত শাখা আৰু ৩১১ টা এ টি এম আছে।

সাৰস্বত কো-অপাৰেটিভ বেংক লিমিটেডে ৩০০কনিষ্ঠ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে।

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

কনিষ্ঠ বিষয়া।

খালী পদ

৩০০টা।

বয়সৰ সীমা

৩০ বছৰ।

দৰমহা

নিয়ম অনুসৰি।

চাকৰিৰ স্থান

-

অন্তিম তাৰিখ

৩১-১২-২০২১।

ৱেবছাইট

https://www.saraswatbank.com/TR/recruitment.aspx

অৰ্হতা/যোগ্যতা:

শিক্ষাগত অৰ্হতা

কনিষ্ঠ বিষয়া

যিকোনো শাখাৰ স্নাতক। তদুপৰি বেংক/বেংকৰ অধীনৰ শাখা/এন বি এফ চি / ডি এছ এ/ ঋণ প্ৰদানকাৰী সমাজত কাম কৰাৰ ন্যূনতম ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ নিয়মঃ

https://www.saraswatbank.com/TR/recruitment.aspx-ৰ পৰা আবেদন জনাব পাৰিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


আৰু চাব পাৰে :এন টি পি চি নিযুক্তি ২০২২ - ১০ সহকাৰী আইনী বিষয়াৰ পদখালী


Next Story
চাকৰি