Begin typing your search above and press return to search.

নাক বজায় টোপনি মৰাৰ বাবে পিতৃক হত্যা পুত্ৰৰ

এটা সময়ত হিতাহিত জ্ঞান হেৰুৱাই হৈ নবীনে লাঠীৰে উপৰ্যুপৰি আক্ৰমণ কৰে পিতৃক।

নাক বজায় টোপনি মৰাৰ বাবে পিতৃক হত্যা পুত্ৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Aug 2020 8:00 AM GMT

টোপনিৰ সময়ত নাক বজায় পিতৃয়ে।ইয়াক লৈয়ে তেওঁ স্বয়ং পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে।এই জঘন্য অপৰাধ সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ পিলভিট জিলাৰ সৌধা গাঁৱত। প্ৰাপ্ত তথ্য অনুসৰি পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুওৱা লোকজনৰ নাম ৰামস্বৰূপ। মঙলবাৰে নিশা সৰু পুত্ৰক লৈ আত্মীয়ৰ ঘৰলৈ গৈছিল ৰামস্বৰূপৰ পত্নী। ঘৰত আছিল জ্যেষ্ঠ পুত্ৰ নবীন। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি পিতৃৰ সৈতে বিভিন্ন বিষয়ত মাজে–সময়ে কাজিয়া হৈছিল ডাঙৰ পুত্ৰ নবীনৰ। মঙলবাৰে নিশা টোপনিত নাক বজোৱাক লৈ দুৰ্বাদল কাজিয়া হয় পিতৃ–পুত্ৰৰ মাজত। এটা সময়ত হিতাহিত জ্ঞান হেৰুৱাই হৈ নবীনে লাঠীৰে উপৰ্যুপৰি আক্ৰমণ কৰে পিতৃক।

পুত্ৰৰ নিৰ্মম প্ৰহাৰত ঠাইতে ঢলি পৰে ৰামস্বৰূপ। তাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে নবীনে। আনহাতে, এই বিষয়ে জানিব পাৰি এজন প্ৰতিবেশীয়ে ফোন কৰি এই খবৰ দিয়ে মুকেশক। মুকেশ লৰালৰিকৈ আহি ৰামস্বৰূপক হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰু পঢ়িব পাৰেঃ শিল্পী ৰাজনীতিলৈ আহিব নালাগেঃ জুবিনক কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ

Next Story
চাকৰি