জন্ম নিদিবলৈ মাতৃক পৰামৰ্শ নিদিয়াৰ বাবে চিকিৎসকৰ বিৰুদ্বে গোচৰ যুৱতীৰ
ব্ৰিটেইনৰ এগৰাকী ষ্টাৰজাম্পাৰে নিজৰ মাতৃৰ চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

গ্ৰেট ব্ৰিটেইনৰ এভী টুম্বছ নামৰ ২০ বছৰীয়া যুৱতীগৰাকী ৰাজহাড়ৰ এক জটিল ৰোগত আক্ৰান্ত। সম্প্ৰতি যুৱতীগৰাকীয়ে তেওঁৰ মাতৃৰ চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ ইয়াৰ কাৰণ হৈছে তেওঁক জন্ম নিদিবলৈ চিকিৎসকজনে মাতৃক গৰ্ভাৱস্থাতে পৰামৰ্শ দিব লাগিছিল ৷ জন্মগতভাবে "স্পাইনা বিফিদা" নামৰ এটা জটিল ৰোগত ভোগাৰ হেতুকে চিকিৎসক গৰাকীৰ ওপৰত এই গোচৰ কৰিছে যুৱতীগৰাকীয়ে। এই ৰোগৰ বাবে এভীয়ে কেতিয়াবা সম্পূৰ্ণ ২৪ঘণ্টা বিচনাতে শুই পাৰ কৰিবলগীয়া হয়।
উল্লেখ্য যে তেওঁক মাতৃয়ে গৰ্ভত ধাৰণ কৰাৰ সময়ত চিকিৎসক গৰাকীয়ে তেওঁক ভালদৰে তদাৰক কৰিব নোৱাৰাৰ বাবেই এই বেমাৰৰ সৈতে জন্ম হ'ব লগীয়া হয় তেওঁ। এভীয়ে প্ৰকাশ কৰিছে যে চিকিৎসক মিছেলে তেওঁৰ মাতৃক অতিমাত্ৰাত ফলিক এচিদ সেৱন কৰিবলৈ পৰামৰ্শ দিছিল, যিয়ে তেওঁৰ গৰ্ভত থকা সন্তানটিৰ মাজত দেখিবলৈ পোৱা "স্পাইনা বিফিদা"ৰ লক্ষণ কৰিব পাৰি, ইয়াৰ ঠাইত তেওঁ গৰ্ভপাতৰ পৰামৰ্শ দিব পাৰিলে হয়, যাৰ ফলস্বৰুপে এভিয়ে কেতিয়াও জন্ম গ্ৰহণ নকৰিলে হয়।
এই গোচৰৰ শুনানী হয় যোৱা বুধবাৰে লণ্ডন উচ্চ ন্যায়ালয়ত। ন্যায়াধীশৰ মতে. সঠিক পৰামৰ্শ প্ৰদান কৰা হ'লে এভীৰ মাতৃয়ে নিজৰ গৰ্ভধাৰণৰ সময় কিছু পিছোৱাব পাৰিলে হয়।
এভিক ধন প্ৰত্যৰ্পণৰ অধিকাৰ দি, ন্যায়াধীশ গৰাকীয়ে কয়, "এই বিশেষ কেচত যদিহে মাতৃ গৰাকীক সঠিক পৰামৰ্শ দিয়া হ'ল হয়, তেন্তে তেওঁ নিজৰ গৰ্ভধাৰণৰ সময় পিছুৱাৱ পাৰিলে হয়। যাৰ ফল স্বৰূপে পৰবৰ্তী সময়ত তেওঁ এটি স্বস্থ্যবান শিশুক জন্ম দিবলৈ সক্ষম হ'ল হয়।"
এভিৰ উকীল গৰাকীয়ে জনাই যে, এই পৰিমাণৰ সঠিক সংখ্যা তেওঁলোকে দিব নোৱাৰে। কিন্তু ই এটা অতি বৃহৎ সংখ্যা হ'ব কিয়নো, ইয়াৰ দ্বাৰা এভিয়ে নিজৰ সম্পূৰ্ণ জীৱনৰ খৰচ বহন কৰিব লাগিব।
অন্যহাতে, ইয়াৰ পূৰ্বে এভিৰ মাতৃয়ে ন্যায়ালয়ক জনাইছিল যে, গৰ্ভধাৰণৰ কথা ভবাৰ পৰা ড. মিছেলে তেওঁক সঠিক পৰামৰ্শ দি আহিছিল। "আগৰে পৰা মই নিজৰ খোৱা বোৱাত গুৰুত্ব দিয়া হ'লে, ফলিচ এচিদ ল'বলগীয়া পৰিস্থিতি নাহিল হয়।"
এই সুনানি আচৰ্য্যজনক আছিল কিয়নো, ইয়াৰ দ্বাৰা এগৰাকী স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে গৰ্ভধাৰণৰ সময়ত সঠিক পৰামৰ্শ দিবলৈ অসমৰ্থ হোৱাৰ বাবে এটি শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ দৰে গুৰুতৰ অভিযোগ তোলা হৈছিল।
আৰু পঢ়ক : "অসমত অপৰাধ আৰু অপৰাধীৰ অস্তিত্ব নাথাকিব"- অসমৰ মুখ্যমন্ত্ৰী