Begin typing your search above and press return to search.

প্ৰবীণ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ কাষত জুবিন

পাছত জুবিন আৰু গৰিমাক দুখন গামোচাৰে সন্মান জনায় বয়োজ্যেষ্ঠ শিল্পীগৰাকীয়ে।

প্ৰবীণ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ কাষত জুবিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2020 12:40 PM GMT

ক'ৰ'না ভাইৰাছৰ আশংকাৰ মাজতে প্ৰবীণ চিত্ৰ শিল্পী নীল পৱন বৰুৱাৰ ওচৰত কিছু সময় পাৰ কৰিলে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গে। যেন কিঞ্চিত সময়ৰ বাবে হ'লেও ৰং-তুলিকাৰ শিল্প আৰু গীত-মাত-কথাৰ শিল্পৰ এক ছন্দ একাকাৰ হৈ পৰিল।উল্লেখ্য যে পত্নী তথা কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ বিয়োগৰ পাছত একপ্ৰকাৰ নিঃসংগ হৈ পৰিছে ঋষিতুল্য শিল্পী নীল পৱন বৰুৱা। দেখিলেই মূৰ শ্ৰদ্ধাত দো খাই যোৱা শিল্পীগৰাকীৰ আমন্ত্ৰণত জুবিনে তেওঁৰ বাসগৃহত উপস্থিত হৈ কিছু সময় পাৰ কৰে। দীৰ্ঘদিনৰ মূৰত দুয়োগৰাকী প্ৰসিদ্ধ শিল্পীয়ে মত বিনিময় কৰে। বহুদিনৰ মূৰত লগ পাই দুয়ো দীঘলীয়াকৈ কথা-বতৰা পাতে। কথাৰ মাজত ওলাল, ছবিৰ কথা, গীতৰ কথা, ভাষা আদিৰ কথা।

জুবিন আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গক নিজৰ পুত্ৰ-বোৰাৰীৰ দৰেই মৰম কৰে নীলপৱন বৰুৱাই। পাছত জুবিন আৰু গৰিমাক দুখন গামোচাৰে সন্মান জনায় বয়োজ্যেষ্ঠ শিল্পীগৰাকীয়ে।

আৰু পঢ়িব পাৰেঃ এছিয়ান গেমছৰ উন্নীত পদক ক'ৱিড যুঁজাৰুলৈ উত্সৰ্গা হিমা দাসৰ

Next Story
চাকৰি